এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
88 ফুল কলি। (2) আহা আহা দেৱবৰ, মৰ্ত্তবাসী সকলৰ তুমি মাথোঁ সুখৰ নিবাৰা; “ব্ৰজপুৰে যেন কৃষ্ণ,” তেনে তুমি অবিহনে, সকলোৱে হয় শান্তিহাৰা। তৃণ লতা গছ যত হেৰায় ডালৰ পাত, সুৰুযৰ প্ৰখৰ তাপত বিষাদ সোঁতত উটি, উৰ্দ্ধমুখে ভাবে য়েন, এক ধ্যানে, এক চিত্তে, তোমাকে মনত, কোন দিন পায় দেখা এই মতত। (৩) আহা আহা দেৱৰ স্বৰ্গৰ এৰি বিহাৰ, কৰা আহি ইয়াত বিহাৰ, তোমাৰ লগত ৰঙ্গে, মৰ্ত্যবাসী সকলেও, কৰিবহি আনন্দে বিহাৰ।