সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। জীৰ্ণ শীৰ্ণ তৰু লতা, ধৰি ফুল পাত, উলাহতে নাচিব ৰঙত; তাতে গুণ গুণ স্বৰে, মত্ত হই মধুকৰে, উট বুৰি যাব তল আনন্দ সোঁতত; পশু পক্ষী যাব ভোল তোমাৰ ভাৱত। (8) আহা আহা দেৱবৰ, . তুমি শান্ত সুবিশাল, কল্যাণ আকাঙ্ক্ষী ধৰণীৰ; তযু সমাগমে ভূমি, নতুন সাজেৰে ৰাজি, দেখুৱাব আনন্দ মনৰ। নদ নদী আদি যত, আনন্দেতে পুলকিত হব সবে তোমাৰ গুণত; নতুন সাজেৰে সাজি, উঠে কাছ-মৎস্য ৰাজি; উলাহেৰে যেন ভৰি নৱ যৌৱনত? যত কুলি বিয়াকুল বসন্ত কালত। 8¢