এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বজোৱা বজোৱা ফুল কলি। পৰোক কাণত আহি। বাজোক বাজোক অশান্তি হৃদয়ে, সান্ত্বনা সজোক, প্ৰাণত উঠোক হাঁহি। 101 বৰ্ষা আবাহন। (5) আহা আহা দেৱৰ, ত্যজি তুমি স্বৰ্গপুৰ, দিয়া আহি মৰতত ভৰি। শুনি তযু আগমন, শীতল হওক প্ৰাণ, আনন্দৰ উঠোক লহৰী। হায়! তুমি অবিহনে শুকাল নদ নদী মূলে, তপ্ত বালী ধৰণী পূৰ্ণ; সদায় অশান্তি মনে, পানী বিচাৰিছে ঘনে, পশু পক্ষী কীট পতঙ্গাদি নগণ, তুমি বিনে সকলোৰে তাপিত পৰাণ। 68