সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 ফুল কলি। তুমি মাথোঁ এক ইষ্টদেৱ মোৰ, ৰত্নৰ খনি অমৃতৰ হ্ৰদ। কৰিছো কাত, বিতৰি কৰুনা, দিয়াহি তযু অভয় পদ। 101 সংসাৰীৰ প্ৰতি বৈৰাগী। মোৰ মোৰ বুলি, কিয়নো তোমাৰ, হৃদয়ে উঠিছে ৰোল; শুনিও নুশুনা, দেখিও নেদেখা, কি ভাৱে গইছা ভোল। তোমাৰ সংসাৰ, তুমি হে সংসাৰী, নিশ্চয় নহয় এনে; আছো সংসাৰত, সংসাৰ এনেই, আমি যেনে তুমি তেনে। পতিয়ন যদি, নকৰা ইয়াৰ, হৃদয়ত ভাবি দেখা, মোৰ মোৰ বুলি ষিবা ধন জনে, মনতে কৰিছা আশা, যেতিয়া সময়ে লইবা বিদায়, নেদেখা পুৰে আপুনি, ন্যাই নে সংসাৰ, পুত্ৰ পৰিজন, জনক কিবা জননী?