সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। আশাৰ মাথে। কল্পিত; সংসাৰৰ বশীভূত! অৱশ্যে নেয়ায় তেন্তে কিয় তুমি, ―01 আত পৰি ৰয়, কিহৰ আশাত, কোন তুমি। কিয় বজোৱা বাঁহীটি সু-মধুৰ সুৰে; সু-সুপ্ত কাণত আহি জৰি জৰি পৰে। ক্লান্ত দেহে, ভগ্ন প্ৰাণে, আকুল পৰাণে; ঊষা কি দিপৰ কিম্বা দিবা অবসানে। বাঁহীৰ মধুৰ ধ্বনি শুনি ৰিণি ৰিণি; মাৰ যায় হৃদয়ৰ বিষাদৰ ধ্বনি! মানস সৰসী মাঝে শান্তিৰ নিঝৰা; বয় অযাচিতে, হিয়া আনন্দতে ভৰা। দূৰ হয় অজ্ঞানতা শান্ত হয় প্ৰাণ; মোহন বাঁহীৰ শুনি সু-মধুৰ তান। কৰিছে যোগান মিলাই নিজৰ হাঁহি; অনুৰাগ কৰ্ত্তব্যতে নিখুতিবা বাঁহী; যশ, মান, স্বাৰ্থ আৰু গৌৰৱ মুৰুতি; বিজুলি পোহৰে দিয়া জ্ঞানৰ জেউতি।