এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল কলি। সুৰুযৰ তাপ সদা ধূমুহা বতাহ, তথাপিতো নাই পৰাজয়; দুটি এটি পৰিলেও নতুন ফুটিছে তাতেই সলনি যেন ৰয়। বাৰ মাহ, ছয় ঋতু ফুলৰে উপছি, উটি যেন আনন্দ সে তিত, • নোৱাৰে৷ বুজাব কিন্তু কল্পনা ফুলনি; একে দৰে থাকে যে গছত। ধৰ্ম্ম। পাইছো তোমাক বিচাৰি বিচাৰি, ৰাখিব অতি গোপন কৰি; আত্মা মন্দিৰত সজাম তোমাক, কদাপি আৰু নিদিওঁ এৰি। পৰাণ মনক দিম সঙ্গী কৰি, হৃদয় ছত্ৰ থাকিব ধৰি; সুখ দুখে সদা পূজিব তোমাক, কৰ্ম্ম কমল অঞ্জলি ভৰি। প্ৰীতি উপহাৰ দিমহি তোমাক, তোমালৈ ইচ্ছা হওক বলী, কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ, ছয়টি ৰিপক কাটাই বলি। ৩৯