সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। ৰাখিলা সু-কীৰ্ত্তি, স্বামীহকে তিৰিক শিকাই আত্মদান। আহোম গৌৰৱ ৰবি, প্ৰকাশিৱ আসামত, তোমাৰ কীৰ্ত্তিতে, থাকে মানে চন্দ্ৰ সূৰ্য্য আকাশ পথত, বিৰাজি থাকিব তযু, নাম এই মৰতত। তোমাৰ সতীত্বে দেৱী, জন্মভূমি আজি হল গৌৰৱিত। সংসাৰ। একে জুপি গছ আহা সাগৰ পাৰত, সদা ঢৌয়ে উটুৱাই যায়; উটি বুৰি আছে নিতে কঠিন সোঁতত, তথাপিতো নাই হোৱা লয়। জলে জলে জকমকে বহুফুল ধৰি, আছে যেন অল্পৰূপে ফুলি; নানা গন্ধে মনমোহা নানা ৰঙে ভৰা, ইটোয়ে সিটোয়ে আকোৱালি