সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল-কলি। মহাপুৰুষ শ্ৰীশঙ্কৰ দেৱ। লৰালিৰ পৰা শুনি আছোঁ হেৰা, দিন ৰাতি সুখে দুখে; 09 শঙ্কৰ শঙ্কৰ বুলি এটি নাম, আসামবাসীৰ মুখে। জানা নেকি তুমি তেওঁ কোন জন, উপজিলা কোন দেশে; ১০১৪/অং কিয়নো সদায় আসাম বাসীয়ে, তেওঁৰ নামক ঘোষে? যদি হে নেজানা কওঁ বাৰু শুনা, – যাৰ ধৰ্ম্মময় পথ আজিও প্ৰকাশে সূৰ্য্যৰ নিচিনা, চোৱা হেৰা আসামত। আন্ধাৰ দেশক কৰিছে পোহৰ, যাৰ জ্ঞান জ্যোতিৰ্ম্ময়; আসাম বাসীয়ে সভ্য সদাচাৰী, যি জনৰ স্থ-কৃপায়। যি জন কৃপাত আপুনি হিয়াত, বাজিছে ধৰ্ম্মৰ বীণ; ঠাই ঠাই দেখা হৰিৰ মন্দিৰ, যাৰ স্মৃতিময় চিন্।