সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

101 ফুল কলি। (20) আহা-যাহা এই বিশ্বৰ নিয়ম আপুনি ইদৰে থাকিব ঘূৰি; জন্ম-মৃত্যু কাৰো নাই জীৱনত, নিজীয়ে কদাপি জগ‍ৎ মাৰি। (25) কিন্তু ই কথা ভাবিলে মনত, জনম উদ্দেশ্য উদয় হয়; কিয়নো ইয়াত জনম লভিলোঁ, ঈশ্বৰৰ কিবা গূঢ় অভিপ্ৰায়। (22) অৱশ্য জনিলোঁ এই মৰতত, সকলো আছে অজ্ঞানত বুৰি; জ্ঞানৰ উন্নতি সাধিবৰ হেতু, মানৱক থৈছে স্ৰজন কৰি। (23) যদিহে জ্ঞানৰ উন্নতি সাধোঁ, শোক, তাপ, ৰোগে নেথাকোঁ বুৰি; লৰা ডেকা বুঢ়া অৱশ্যে হুমহি, বিশ্বৰ নীতি পা-ঘুৰণিত পৰি।