সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুল কলি। তেওঁ হে শঙ্কৰ, কুসুম-নন্দন, আসাম গৌৰবৰবি; তেওঁ কেহে সদা পূজে আসামত, অৱতাৰ দেৱ ভাবি। আহা আহা ভাই, আমিও সকলে, বজাই আনন্দ বীণ, একাগ্ৰ মনেৰে প্ৰণামোঁ তেওক, উদ্দেশি দুই চৰণ। জয়মতী কুঁৱৰী। শিৱ সাগৰত আজি, “জয় সাগৰ” “জয় দৌল” দেখি দুখে অতি, পৰিছে মনত দেৱী তোমাৰ কথাটি? যিমান সহিছ৷ তুমি, পতিৰ মঙ্গল অৰ্থে অশেষ দুৰ্গতি,—