এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
GO ফুল-কলি। (১৮) মহ আৰু জঁহ লগত লই, আপুনি হেমন্ত যাব পাছুৱাই; আপুনিয়ে শীত আহে আগুসাৰি, কঁপনি এলাহ লগত লই। আপুনি সুৰ্য হব সুশীতল, চন্দ্ৰৰ দেহত পৰিব ছাই; আপোনা-আপুনি কোচ মোচ খাই, সাপেও থাকিব গাত সোমাই। (১৯) আপোন সময়ে শীত আঁতৰিব, কুৱঁলী দেৱীক লগত লই; আপুনি বসন্তে ফুলৰে উপছি, আহিব নতুণ বৰণ লই। আপুনি ওলাব তৰু তৃণাদিৰ নতুন নতুন কোমল পাত; আপুনি ফুল, সৌৰভ বিলাই, কুলি ভোমোৰাক দিবহি মাত। আপুনি বতাহ পূৱা গধুলিত বলিব মৃদু ৰিব ৰিব কই; আপুনি বসন্ত সময়ে আঁতৰি, আৰু আহে গ্ৰীষ্ম ৰঙামুৱা হই।