এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল-কলি। ঘোৰ ধেৰেকনি কপায় ধৰণী, সময়ে সময়ে ঢালিব জল; নদ নদী বোৰ হিয়া নচুৱাই, সমান কৰিব খাল বিল স্থল। (১৬) কৃষকে আজৰি লবলৈ কই, আপুনি বৰ্ষা যাব আঁতৰি; আপুনি শৰৎ আহিব ওলাই, নতুন আনন্দ আগত কৰি। নাই আৰু জহ নাই আহা জাৰ, নোহোৱা হব মেঘৰ গাজনি; আপুনি পাৰিব তৰাং খাল, বিল, আপুনি শুকাব নদীৰ পানী। (১৭) আপুনি দিলাব যত শালি ধান, আপুনি শৰতে লব বিদায়; শীতৰ বাতৰি লগত লই, -আপুনি হেমন্তে আহিব ওলাই। ফুলনীত ফুল নাইকীয়া হব, পদুমৰ থাকিব চকা ঠাৰ; আপুনি কুঁৱলী ধৰণী ঢাকিব, নিয়ৰ জলিৰ মকতা তাৰ।