পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“বাইদেউ, কোনফালে?”

 —“এ যাওঁ এফালে। তুমি ক’ৰ পৰানো আহিলা?”

 —“এ ৰ’ব। মনুৰ ঘৰত কন্দা-কটা একেবাৰে।”

 —“অ’ কিহৰ বাবে?”— বিনুৱে সুধিলে।

 —“সুন্দৰ মহাজনক চিনি পায়নে? তাক যিটো মানুহে পেটৰ ভাতমুঠি দিছিলে সেই মহাজন ল’ৰাটোকে মনুৱে হেনো আৰু দুটাৰে সৈতে লগলাগি ধৰি নিলে। পয়চাৰ বাবে মনুক ধৰিলে। বাকী দুটা মাৰিলে।” অজয়াই ক’লে— “তাৰ ‘সান্দহ খোৱা বালি তল পৰিল’। যিজনৰ অনুগ্ৰহতে ভাতমুঠি মিলিছিল, তাতে সিন্ধি দিলেগৈ ‘ভেটিত তিতালাউ গজা’টোৱে, চোৱাচোন।”

 – “কি তপত ভাতৰ ধোঁৱাই খাইছিল তাক, নাজানেনেকি যে ‘ওপৰলৈ থুৱালে নিজৰ গাতে পৰে’৷” অজয়াই ক’লে— “ইয়াকে কয় ‘মৰিলেও মৰে, মৰকামোৰ নেৰে’। ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’। এতিয়া বাৰু ল’ৰা-ছোৱালী দুটা আৰু মানুহজনীৰ কি হ’ব? ‘যাৰ যহত শাখা-সেন্দুৰ, তাকে পাতে ভোকোৰা এন্দুৰ’।”

 অজয়াই ক’লে— “সোমাই যাওঁ ব’লা।” বিজয়াই ক’লে— “সোমালে কি হ’ব? পুলিচৰ হাতৰ পৰাটো এৰুৱাই আনিব নোৱাৰোঁ।”

 —“সেইটো হয়। পিছে এনেহেন বিপদত মাতষাৰো বৰ ডাঙৰ বস্তু, ব’লা।”

 সিহঁত যাব ধৰোতেই গম পালে — সুন্দৰ মহাজনৰ ল’ৰাটোক উদ্ধাৰ কৰি অনা হ’ল। খবৰটো সকলোৱে ভালপালে।— “শুনা, আহি পালেহিয়েই যেতিয়া আজিলৈ যাওঁক। অন্য এদিন যাম। ‘আৰ্জিলে ফল ভুঞ্জিবই লাগিব’। উপায় নাই দুখ কৰি কি লাভ?”— সি কাৰোবাৰ প্ৰৰোচনাত পৰিহে এনে কৰিছে। পুলিচৰ জেৰাত সৈ কাঢ়িব। ‘হাতৰ কুঠাৰ ভৰিত মৰাৰ ফল’ পাব। অন্য এদিন আহি আমি মাকজনীৰ ওচৰত বহিম ব’লা।”

 তেওঁলোক আগবাঢ়োঁতেই দেখিলে বিন্দুৰ স্কুলৰ ছাত্ৰ টুনীৰামক তামোল গছত বান্ধি থৈছে।— “অ’ আই কি হ’ল ঔ! ওচৰৰ ৰাইজক কথাৰ গুৰি সোধোঁতে গম পালে সিন্ধি খান্দোতেই চোৰ ধৰা পৰিল। সি লেবেজান হোৱাৰ ভাও দি আছে। এতিয়া ৰাইজে গৈ পুলিচক খবৰ দিবগৈ। বিনুহঁতে হাতযোৰ কৰি অনুৰোধ কৰিলে— “ইয়াক এৰি দিয়ক। ইমান সৰু ল’ৰা, তাৰ পঢ়া-শুনা

নষ্ট নকৰিব। আমিয়েই ইয়াৰ ব্যৱস্থা কৰিম। সৰু-বৰ সকলো কথা পুলিচক

৩৯