পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেওঁতা ফালি ফালি মৰ’। আমি গোটেই জীৱনটোত সেওঁতা ফালিয়েই আছোঁ। আনক সন্তুষ্ট কৰিবলৈকে নহয় জানো? বুজিছা, আমি ক’ত লাগিব নালাগে কোৱাচোন। “নাখাওঁ তাইৰ হাতে ভাত, ঘুৰি ঘুৰি তাইতেহে হাত’। তথাপি পুৰুষসকল ওপৰত। —“এই আজলীজনীৰ খবৰ পোৱানে? মই অৱশ্যে খবৰ লোৱা নাই দেই।”

 মাধৱী মাহীয়ে ক'লে— “নাই, আজিকালিচোন বাজলৈ নোলায়েই।”

 বিনুৱে ক'লে— “কি-বা হ'ল? কিবা নগৰত জগৰ লাগিল নেকি?”

 —“নহয়হে! বোলে ‘চাপি আহা চুমা খাওঁ, পেট ডাঙৰ ঢুকি নাপাও’।”

 অজয়াই সুধিলে— “সেইটো কি আকৌ?”

 বিজয়াই থেলা মাৰি দি ক'লে— “এইজনী, এই মাহতে ভাল হোৱাৰ সময় আকৌ অ’ কথা সেইটোহে।” বুলি হাঁহিলে। “ভালহে হ’ল ‘ককাইদেৱে পৰিত্ৰাণ পাব।”

 “ৰ’বাহক”— অজয়া আৰু বিনুৱে ক’লে— “আমি ঘৰে ঘৰে সোমাম। আজিয়েই আমাৰ শেষ হোৱা নাই। আমি দুদিনমান ওলালেহে বহুত কথা জানিম। স্কুলীয়া ল’ৰা-ছোৱালী অহাৰ পাছতেই আমি কেইদিনমান ওলাবই লাগিব। সকলোৱে হয়ভৰ দিলে। কোনোবা এজনক নামঘৰৰ আগত দেখি বিনুৱে তপৰাই মাতিলে— “ককাইদেউ আপুনি? নামঘৰৰ পৰা আহিল নেকি?” মানুহজনে নামাতিলে। কোন- সিহঁতেও ধৰিব নোৱাৰিলে। বিনুৱে তাগিদা দিলে— “মনে মনে গৈ থাকা। নহলে দেৰি হৈ যাব। সকলো ঘৰঘৰি গ’ল।”

 দুদিনমান ঘৰুৱা লেঠাৰ বাবে ওলাবই পৰা নাই। বিনুৱে অজয়াক ফোন কৰিলে— “হেৰা, এনেকৈয়ে থাকিবা নে?”

 অজয়াই ক'লে— “ৰ’ব বাইদেউ, কেঁচুৱাৰ জ্বৰ। শাহুৰো অসূখ। এখেতৰ চোন লেঠাই লেঠা। তুমিয়েই বিজয়াক লৈ ওলোৱা। নহ’লে গধূলি হয়েই নহয়। অজয়াই ফোন ৰাখিলে। বিনুৰ ৰৈ ৰৈ আমনি লাগিল। বিজয়াক দেখি ক'লে— “ইমান পৰেনো কি কৰাহে? গধূলি হ’বই। কেইঘৰনো সোমাম?”

 —“ৰ’ব বাইদেউ, ‘উলহৰ মাদুলী তলুহৰ বিয়া; পাঁজীকটা মাৰিডাল উছৰ্গাত দিয়া।”

 —“ব’লা ব’লা। মৃণালিনী আৰু মাখনী মাহীকো পাৰিলে লৈ যাম।”

তেওঁলোক ওলাই গ'ল। অলপ দূৰ গৈয়ে নিৰলাক দেখিলে। তায়ে মাতিলে—

৩৮