পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জনাই গাঁওখনলৈ বদনাম এটা নানিব।”

 বিজয়াহঁতৰ কোমল মনৰ উমানপাই টুনীৰামে কান্দি কান্দি ক’লে—“মোৰ একো দোষ নাই। সিহঁতে মোক গঁতটো খান্দি থাকিবলৈ কৈছিল। বহুপৰ হোৱাতো সিহঁত নাহিল। মোক ইমান মাৰিছে, হাত-ভৰি লৰাবকে পৰা নাই।”— ৰাইজৰ সন্মতিত বিনুৱে “উঠ উঠ” বুলি গাৰ ধূলি-বালি জোকাৰি হাতৰ বান্ধোন খুলি, যাবলৈ দিলে। তাৰ পিছত সেই ঠাইত থকা গোলোক ককাইটিক সুধিলে— “বাকী দুটা কোন চিনি পায়নে?” তেওঁ ‘পাওঁ’ বুলি কৈ সিহঁতৰ পৰিচয় দিলে।

 — “আমি লৰালৰি হ’লেও সোমাই যামেই। অহা দেওবাৰে চাৰি বজাত বৰুৱানী আইতাৰ ঘৰত আমি আটাইকে গোট খুৱাম। আমি আমাৰ গাঁওখনত এনে খুঁট-খাট অশান্তি হৈ থাকিবলৈ এৰি নিদিওঁ। আপোনালোক যাব দেই। ‘পাপকহে ঘৃণা কৰে, পাপীক নহয়’। হয়নে নহয়?”

 বিনুৱে কলে—“দুঘৰতে গধূলি হ’ল। তেনে ঘৰত গৈ নাচনী দেও উঠিব।”

 —“সেইবোৰ হৈ যাব, ‘নাখাওঁ নাখাওঁ বুলি জিকা দিবা ভাতত, তপাতপ খাই দিব এটিও নেৰিবা পাতত’।”

 কানিমুনি সময় হ’ল। খৰ-ধৰকৈ আটায়ে নিজ ঘৰ বুলি খোজ ল’লে। সন্মুখৰ পৰা অহা এজনক উমানতে মাতিলে— “খুৰা নামঘৰলৈ আহিছিল নেকি?”

 “অ’ বিনু নেকি? মই আন্ধাৰ হোৱা দেখি তোকে আগবঢ়াই নিব আহিলোঁ।” বাকীসোপাই খুক-খুকাই হাঁহি ক'লে— “জালকে বুলিলোঁ জকাই, আন্ধাৰে মুন্ধাৰে চিনিব নোৱাৰি, মতাটোক বুলিলোঁ ককাই।”

 বিমলে ক'লে—“বুজিছা বিনু ‘সাঁতোৰ সাঁতোৰ, বাহুত বল থাকে মানে। সাতুৰিব নোৱাৰিলে যা ৰসাতলে’।” বিনুৱে শলাগিলে। দুয়ো ঘৰ পালে। নঙলা খুলিব লৈ বিনুৱে সুধিলে— “এইবোৰ কামত লাগি আমি যদি কথা শুনিবলগীয়া হয়।”

 বিমলে সাহস দি ক'লে—“তোমালোকে কি বেয়া কাম কৰিবলৈ ওলাইছা নেকি? গাঁওখনৰ ভালৰ বাবেহে। পাৰিলে লগ-সহযোগ কৰক। নোৱাৰিলে ‘চুঙা চাই সোপা’ দিবা, আৰু কি?” বিনুৰ মনটো আনন্দত ভৰি গ’ল। মনতে ঠিৰাং কৰিলে— “কাইলৈ অলপ সোনকালে ওলাই অলপ বেছিকৈ ঘুৰিম।

এলাহ নকৰোঁ। নহ’লে ‘ফাল চাচোঁ মানে মাহৰ বতৰ যাবগৈ’।”

৪০