পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৃণালিনীক কাষলৈ মাতি নি কিবা কৈছে। বিনুৰ ভাল লাগি গ’ল। ইয়াৰ পিছত আটাইকেইজনী নাৰায়ণ খুৰাৰ ঘৰত সোমাল। নাৰায়ণে সিহঁতক পদূলিতে পালে। তেওঁ ক’লে— “কি কৰিবা আই, ‘কপালৰ লিখন নহয় খণ্ডন’।” — “নহয় খুৰা, সকলো দোষ বিধাতাক দিলে কেনেকৈ হ’ব? আমাক ভুল নুবুজিব। আমি আজি একেলগে অহাৰ উদ্দেশ্যও সেয়াই। ইন্দ্ৰ আছেনে বাৰু? মাতকচোন খুৰা, আমি তাক লগ পাওঁ এবাৰ।”

 ইন্দ্ৰ ওলাই আহিল। তাক দেখিয়েই বুজা গ’ল সি কিমান কষ্ট পাইছে। সি সেহাই সেহাই ক’লে— “আচলতে সিদিনা সন্ধিয়া হোৱা বাবে নিৰুক ৰিক্সা এখনত উঠাই দিবলৈ গৈছিলোঁ। নিৰুৰ লগত তেনেকৈ যোৱাটোৱেইযে ইমান দোষণীয় মই ভবাই নাছিলো। নীৰেনহঁতে মোক অবাবতে বৰ কষ্ট পোৱাকৈ মাৰিলে আৰু সিহঁতে মোৰ স্কুটাৰখনো জ্বলাই দিলে। সেইখন দেউতাই বৰ কষ্টেৰে মোৰ টিউশ্যন কেইটাৰ সুবিধা হ’ব বুলি কিনি দিছিল। এতিয়া মোৰ টিউশ্যনো বন্ধ হ’ল।” সি হুক্ হুকাই কান্দি দিলে।

 বিজয়াই ক’লে— “তুমি দুখ নকৰিবা। ‘ৰামলৈ যি পাত, সুগ্ৰীৱলৈও সেই একে পাত।’ আজি তোমাৰ ক্ষেত্ৰত হৈছে, কাইলৈ আন কাৰোবাৰ ক্ষেত্ৰত হ’ব। দোষ কাৰ আমি উলিয়াম। ‘খাই কাৰ্শলা ডালত উঠিল, কাঁঠি চেলেকাৰ মৰণ মিলিল।’ ‘য’তে বাঘৰ ভয় ত’তে ৰাতি হয়’ জানো? তথাপিও ওলালোঁ যেতিয়া অলপ কষ্ট কৰি চাওঁ। আশীৰ্বাদ কৰিব খুৰা। অ’ আৰু এটা কথা, অহা দেওবাৰে বৰুৱানী আইতাৰ ঘৰতে আনি সকলোটি গোট খোৱাৰ কথা। খুৰা- খুৰীক লৈ ইন্দ্ৰ তুমি যাবা। আবেলি চাৰি বজাত। আমি নীৰেণৰ ঘৰত সোমাই তেওঁলোককো যাবলৈ ক’ম। ঘটনাটোৰ এটা উতিচ বিচাৰ লাগে। অনাহকতে গাঁওখনত অশান্তি কৰাৰ সাহস সি ক’ত পালে? প্ৰয়োজন হ’লে সি ক্ষতিপুৰণ দিব লাগিব। ‘লুইতেহে জানে বঠা কিমানলৈ বহে’।”

 আটাইকেইগৰাকী আহিবলৈ যো-জা কৰোঁতেই দেখিলে বাটত মানুহৰ জুম এটা। এজনক আন এজনে মাৰিবলৈ খেদিছে। কথাটো কি? হুলস্থূল, চিঞৰ- বাখৰৰ মাজতে তাহাঁতৰ এজনীয়ে মানুহ এজনক সুধিলে— “কি হৈছে খুৰা? ঘটনা কি?”

 —“ঘটনাৰ কথা কি ক’বা আইহঁত? ‘এনেয়ে আছোঁ ঋষিৰ শাপত, তাতে

আকৌ ধানৰ ভাপত’।”

৩৬