—“অ’ এয়াচোন মাধৱী মাহী।”— বিজয়াই সুধিলে— “কি হৈছে মাহী?”
— “কিনো ক’বা? আমাৰ ৰাইজে মাছ ধৰিবলৈ যোৱা পুখুৰীটোৰ জেং জাবৰ আঁতৰাই চিনি নোপোৱা মানুহকেইজনে মাছ মাৰিব ধৰিছিলহি। কথাতে কয় বোলে ‘চোৰে নেৰে চোৰ পৰকিতি, কুকুৰে নেৰে ছাঁই; যাৰ যি পৰকিতি আছে, মৰিলে লগত যায়’।”
—“অঁতো খুৰী, ‘এঙাৰ ধুলে বগা হ’ব জানো?’ তেনেতে সৰুকণ ককাইক দেখি সুধিলে— “ককাইটি মাছ পালে জানো?”
— “এ, পালো পালো বুজিছা ‘জোলোঙাটিহে সৰু, চাউল ধৰে, চিৰা ধৰে আৰু ধৰে ডমৰা গৰু’।”
মাধৱী মাহীয়ে সুধিলে—“তোমালোক কেইজনী একেলগে আহিছাযে? কিবা কাম আছে নেকি? — বিনুৱে থুলমূলকৈ কথাটো ক’লে।
মাধৱীয়ে ক’লে— “জানো পাই আমাৰ গাঁওখনত কি হ’বলৈ লৈছে। তোমালোকে হেমৱন্তী আইতাৰ কথা জানানে?”
—“নাজানো। কি হ’ল তেওঁৰ?”
—“অসুখীয়া হ’ল বুলি ঘৰৰ পৰা উলিয়াই দিলে। অসুখীয়া হ’ল বুলিয়েই তেন কৰা উচিত নে?”
— “তেনে কৰা অনুচিত। অসুখীয়া হ’ল বুলিয়েই উলিয়াব কিয়? আমি আজি নাযাওঁ। বেলি হ’ল। আকৌ আহিম। আপুনিও ওলাব মাধৱী মাহী।”
বিজয়াই ক'লে— “কাৰ কথা কৈছে বাইদেউ? নুবুজিলোঁ।”
বিনুৱে কলে— “কাৰ কথা ক’ম আৰু নিজৰ কথাই কৈছোঁ।
অলপ দূৰ গৈয়ে অজয়াই ক’লে— “এইখন প্ৰণিতাৰ ঘৰ। বিয়াতেই অহা। থিয়ৈ থিয়ৈ মাত এষাৰ লগাই যাওঁ।”
—“নীৰেণে আজিকালি কি কৰে বাৰু জানানে?”
— “আজিকালি সি ইয়াত নাথাকে নহয়, সৌখন গাঁৱত দুটা ল’ৰা- ছোৱালী থকা মানুহ এজনী বিয়া পাতিলে বোলে। বুইছা ‘মুতৰ গোন্ধ নোপোৱাই ধূপৰ গোন্ধ পালে’।” এই মানুহ বিলাকক কিনো ‘তপত ভাতৰ ধোঁৱাই খায়’। বুজিব নোৱাৰি। আন্ধাৰহৈ আহিছে। বৰ নামঘৰত ডবাৰ মাত শুনি
সকলোৱে লৰালৰি কৰিলে। বিনুৱে হাঁহি হাঁহি ক’লে— “বৰেকি নবৰে বৰ,