পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তলতে থওঁ’ কাম নুটুটেহে নুটুতে।”

 —“এঃ থক থক। ‘নাচিব নাজানে চোতালখন বেঁকা’।”

 বিমলা খুৰীক কৈ ননী তামোল কটাত ব্যস্ত হৈ পৰিল।

 বিমলা খুৰীয়ে ক’লে— “হেৰা, ‘ঘন ঘনকৈ কাটিছা গুৱা, তুমিনো আমাৰ কি হোৱা’।”

 — “অ’ কি হওঁ? আটাইতকৈ আপোন হওঁ আকৌ।”

 —“দিয়া তেতিয়াহ’লে, খুজিছোঁ বাৰু। ‘তামোল এখন দিয়া ভকত, চূণ-পাণ অকণ দিবা লগত। ধঁপাত অকণ দিবা পাছে, বাকী বস্তু আমাৰ আছে’।”

 ননীয়ে ক’লে— “এইগৰাকী খুৰী পকিল দেই, সৰিবলৈহে বাকী। এখেত আহিল যেতিয়া, ফকৰা শুনি থাকিবা আৰু৷

 — “এৰা এতিয়া ‘যত দোষ নন্দ ঘোষ’ আমিহে হ'লোঁ।”

 তেনেতে গৌৰী খুৰী কঁকালৰ খোচনা খুঁচি খুঁচি আহি ওলালহি। বৰুৱানী আইতাই ক’লে—“কি হ’ল গৌৰী? বাটত কোনোবাই বস্ত্ৰহৰণ কৰিব খুজিছিল হ’বলা? চুঁচৰি আহিছচোন!”

 — “এ আইতা, নক’ব আৰু। মতা মানুহবোৰে একেবাৰে নুবুজে। তলাটো মাৰ নাখায়হে নাখায়, যুঁজি আছো। মানুহটোক ক’লো চাই দিয়কহিচোন। নাই গাটোকে নলৰালে। একেবাৰে ‘খাই অশলাগী আউনী পাণ, ওঁঠতো নধৰে ৰং’।” গায়ননীয়ে ক’লে— “বহ বহ। একো বেলি হোৱা নাই।”

 —“এৰা আইতা, কেতিয়াবা খং উঠিলে কৈছো নহয় ‘এনেয়েও কানি, তেনেও কানি, ভালকৈ দিম শাকত পানী’।”

 ননীয়ে তামোল কাটি অতাই চকী-মেজ ঠিক-ঠাক কৰি ক’লে— “আইতা, তাতো নাহিলো খাই, ইয়াতো পাবলৈ নাই।”

 তাইৰ কথা শুনি শুৱনী খুৰীয়ে ক’লে—“এই লপলপীজনীৰ পৰা উপায় নাই। বোলে ‘ঐ লপলপীৰ বাটত ঘৰ, ওলাওঁতে সোমাওঁতে বাটত চৰ’জাননে?”

 ননীয়ে নিজৰ গালত নিজে চৰিয়াই ক’লে— “চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। ননী তই এনেকৈয়ে মৰিবি।”

 তেনেতে বৰুৱানী আইতাৰ বোৱাৰী বৃন্দাই চাহ-জলপান উলিয়ালে।ননীয়ে সহায় কৰি দিলে। সকলোৱে একেমুখে ক’লে— “অ’ ৰাম কৃষ্ণ, ইমান যোগাৰ

কিয় কৰিলা? ভাতকেইটা খাই ৰোৱাই নাই নহয়। তাতে আমাৰ বুঢ়া পেট।”

৩২