পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বৃন্দাই লাহেকৈ ক'লে— “বিশেষনো কি বৰমা, মোৰো যে ইমান ভাগ্য আজি বৰমা, খুৰী, বৌ, আইতা সকলোকে লগ পাইছোঁ। মায়েও সদায় আপোনালোকক লগ কৰোৱাৰ কথা কৈয়েই থাকে। মইহে সুযোগ উলিয়াব পৰা নাই। খাওকচোন, ঠাণ্ডা হ’ব।”

 সৰু বাইটিয়ে ক’লে— “মই নাখাওঁ আইহঁত, তহঁতে খা। মই বড়ি এটা খাইহে আহিছোঁ।”

 ননীয়ে আকৌ তপৰাই মাত দিলে— “দিলেও নাখাৱ তেঁতেলী, খুজিও নাপাবি বাকলি। খা খা।”

 “সোনকালে খোৱা।”— চাংকাকতী আইতাই ক’লে— “তাৰপিছতহে আলোচনা কৰিম।”

 “আমি আজি ইয়াত সকলো গোট খোৱাৰ কাৰণটো চাগৈ আটায়ে জনা নাই। জীয়ৰী-বোৱাৰীহঁত শুনাচোন, আমাৰ গাঁৱৰ কেইবাঘৰো মানুহৰ কেইবাটাও ঘটনা শুনি আমি দুখ পাইছোঁ। ইয়াত উপস্থিত থকা আইসকলেও যদি কিবা অযুগুত কথা গম পাইছা ক’বা। আমি সকলো কথা আলোচনা কৰিম।” তেনেতে অজয়া, বিজয়া, অৰুণা, বিনুহঁত সোমাই আহিল। সকলোৱে তেওঁলোকক আদৰিলে। তেনেতে বৰুৱানী আইতাই নিৰলাক দেখি সৰু সৰুকৈ ননীক ক’লে— “নিৰলাই যে ছোৱালী চাবলৈ যোৱাৰ কথা আছিল, নগ’ল নেকি বাৰু? তই নুসুধিবি, মই সুধিম।” সৰুকৈ ক’লেও কথাটি নিৰলাৰ কাণত পৰিল। তাই ক’লে—“সোধালৈ নৰওঁ আইতা, কওঁৱেই। সেইবোৰ বহুত কথা। ‘কঠিয়া দেখাতহে সৰু, ভাদতে পৰা’। এতিয়া তাহাতে ‘নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰাদি পেৰে’। মোৰ বৰ মন নাই। এটা ল’ৰা৷ তাৰ বয়সেই বা হৈছে কিমান?” কথা শুনি বৰুৱানী আইতাই ক’লে— “এৰা চাবা ‘গোবৰৰ খৰাহীত পিতলৰ বাওঁ’ যেন নহয় যাতে তালৈ মন কৰিবা।”

 —“এৰা, ‘জোৰ যাৰ মুলুক তাৰ’ হয় বুলিহে ভয় লাগিছে। কালিলৈ বাপেক যাব, ল’ৰা নাযায়। আপোনাৰ কথাখিনি মই ক’মগৈ। “সজালোঁ পৰালোঁ, নগাই নিয়ে বুলি; নগায়ো নিনিলে মাজ ডাঙৰ বুলি।”

 —“আজিকালি সেইটো দিন নাই। শুনিছোঁ বোলে ছোৱালী ধুনীয়া কৰা দোকান ওলাইছে বোলে।”

 — “সেইটো হ’লেযে তেনেই ঠগন খাম। চিন্তাহে লাগিছে।”

৩৩