কান্ধত’। আপোনালোকেই বিচাৰ কৰকচোন, মই গাঁৱৰ ছোৱালী এজনীকো মাতিব নোৱাৰিমনে? গাঁৱৰ কোনোবা এঘৰলৈও যাব নোৱাৰিমনে?”
কথা শুনি দুয়ো অৰুণাক ধমক দিলে। — “অ’ অৰুণা কথা সেইটোহে। আমি এনে কথা শুনি বেয়া পাইছো।” এনেতে প্ৰমীলা আইতাই ল’ৰাটোক নিচুকাই লৈ অহা দেখিলে।
—“নেকান্দ ল’ৰা পাবি, বাপেৰ গৈ কল ৰুবলৈ, ঠোক মেলিলে খাবি।” বাপেকক দেখি কেঁচুৱাই বাপেকক ধৰিলেগৈ। প্ৰমীলা আইতাই দুয়োলৈ চাই ধমক দিলে—“দুয়োটা ক’লৈ গৈছিলি? ই ইমান কান্দিছে, দুৱাৰ খোলা দেখিহে মই সোমাই গৈ তাক মোৰ তালৈ নি ৰাখিলোঁ। বুজিছ ‘তেজ ধুলে উটে, মঙহ ধুলে নুটে৷’ মনত ৰাখিবি।’’
এইবাৰ বিজয়াই শৰতৰ ফালে চাই চকু টিপ এটি মাৰি ক’লে— “আমি যাওঁ। বুজিছা শৰত, ‘যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া’। জানি-বুজি যি ভাল দেখা, সেইমতে চলিবা আৰু।”
“বৌ, মোকো তেনে বুলি ভাবিছানে?” শৰতে ক’লে।
—“অ’টো, আমিও ‘একে গুৰু ঘৰৰহে দাস, কোব মাৰিলে গাতে পৰে’।”
শৰতে বিনয়েৰে আশ্বাস দিলে— আগলৈ অৰুণাৰ মনোভাব প্ৰতি মনোযোগ দিব।
তেনে সময়তে বাটেৰে যোৱা দাসনীয়ে বিজয়াহঁতক শৰতৰ চোতালত দেখি মাত লগালে— “শুনিছাহঁক নে আইহঁত, ইয়াতে দেখিলোঁ যেতিয়া তোমালোকৰ ঘৰলৈ আৰু নাযাওঁ। অহা দেওবাৰে বৰুৱানী আইতাৰ ঘৰলৈ আবেলি ৪ বজাত যাবা। বিশেষ কথা এটা আলোচনা কৰিম। অৰুণাকো নিবা। অন্য কাৰোবাক পালেও কথাটো জনাবা দেই।”
বাৰু বাৰু বুলি শলাগি অজয়া-বিজয়া গুচি আহিল।
আজি দেওবাৰ। তিনিমান বজাতে ননী বাইটি বৰুৱানী আইতাৰ ঘৰ ওলালহি। আইসকল অহাৰ আগতে বাইটিয়ে খৰ-খেদাকৈ চকী, টেবুল, টুল, পীৰা, মূঢ়া- য’ত যি আছে নিজেই বিচাৰি আমি পাৰি থ’লে। এই ঘৰখন ননী বাইটিৰ মাকৰ ঘৰৰ দৰে। বহুদিনৰ পৰাই আহ-যাহ। একেখিনি কাম কৰিবলৈ বিমলা খুৰীও উধাতু খাই অহাদি আহিছে। ননীক দেখা পায়েই দীঘলকৈ উশাহ
টানি ক’লে— “উস্ ননী, তোক দেখি বৰ ভাল লাগিছে। বওঁহে বওঁ, পুতলৰ