টালি-টোপোলাৰে সৈতে অৰুণাক আহি থকা দেখি ৰিঙিয়াই সুধিলে—“অৰুণা, ক’লৈ যোৱানো? ঘৰলৈ?”
“নাযাওঁ বৌ।” — অৰুণাই কাষচাপি আহি চকুলো টুকি ক’লে—“নাযাওঁ বৌ, মোৰ দুখ কুলাই-পাচিয়ে নধৰা হৈছে। বোলে ‘নক’লেও নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ’। বাটৰ কচু গাত ঘঁহি এতিয়া মৰিছো।”
বিজয়াই ক’লে— “কি-নো কৈছা? তোমাৰ দৰে বিয়া হৈ অহা ছোৱালী আৰু নাই নেকি?”
— “নহয় অ’ বৌ। ঘৰৰ মানুহৰ সৎ উপদেশ নুশুনিলো। ‘বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা’।”
— “সেইটো হয়। হ’লেও কথাবোৰ ভাঙি-পাতি কোৱা। আমি আছো নহয়।”
—“বুজিছে বৌ, ইমান শয়-শপত খুৱালো, কিন্তু মানুহটোৰ পদূলি শুঙা স্বভাৱটো নগ’ল।”
— “ৰ’বা ৰ’বা, আমি অকল শৰতকে দোষ নিদিও নহয়। কাৰণ ‘ঢোলতো পাক, মাৰিতো পাক’, আমি শুনিলেহে গম পাম।
মানুহে কয়
‘মৰে উৰুলি পুঙা
’মৰে পদূলি শুঙা
মৰে অলপ পানীৰ মাছ
মৰে নদী তীৰৰ ঘাঁহ’
শৰত আচলতে ইমান বেয়া নহয়। তুমি চাগে’ ‘ছাটোকে বাঘটো দেখিছা’। মনৰ সন্দেহ বৰ বেয়া বস্তু, ভাবি চাবা। এতিয়া ঘৰলৈ উভতি যোৱা। সন্ধিয়া আমি তোমাৰ তালৈ যাম। ব’লা।”
সন্ধিয়াপৰত বিজয়া-অজয়া দুয়োকে নিজ ঘৰৰ চোতালত দেখা পাই শৰতে কৈ উঠিল— “অ’ আই, সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ। কিন্তু শুশ্ৰূষা কৰিবলৈ মোৰ মানুহজনীহে দুৱাৰ-ঘৰচোন খোলা। বোলো ‘ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নামাতি মাতিম কাক’।”
বিজয়াই মুখতে ধৰিলে— “কথা ক’বলৈ আহিছা? আজলী ছোৱালীজনী পাই, দুখ দিছা। সৌজনী অৰুণা।”
—“বুজিছে বৌ ‘লাভৰ ঘিট ঘিট মুধৰ ছালত, বাইটিৰ মেখেলা ভিনিহিৰ