হয়৷ ওলাবকে নোৱাৰো। বাৰু, তুমি গা ধুলানে মাখনী?”
—“অ’ ধুলো বাইদেউ।”
— “তেন্তে ব’লা, চাংকাকতী বাইদেউৰ তাৰপৰা আহোগৈ।”
—“অ’ হয় নেকি? বাৰু তেন্তে আপুনি চাহ এঢোক খায় মানে মই ওলাওগৈ। অ’ ৰমলা, এইফালে আহা, কোন আহিছে চোৱাহি। আৰু বাইদেউৰাহঁতকো কোৱা, চাহ অকণ কৰা৷”— ভিতৰৰ পৰা “গৈছো মা” বুলি তিনিও মাত দিলে।
তেওঁলোক তিনিও চাংকাকতী আইতাৰ ঘৰৰফালে ওলাই গ’ল। পদূলিত ৰওঁতেই চাংকাকতী আইতাক দেখা পালে। আইতা আচৰিত হ'ল। —“অ’ আহক আহক, বৰ ভাল লাগিছে আপোনালোকক দেখা পাই। কিন্তু ইমান ৰ’দত যে কষ্ট কৰি আহিছে, সেইটোহে আচৰিত পাইছো।”
গায়ননীয়ে ক’লে— “সেইদিনা যে আমি কথাখিনি আলোচনা কৰিছিলো; সেই কথাৰ বাবেহে আকৌ লগ হোৱাৰ মনেৰে আহিলো। কেতিয়া সকলোকে পাম— তেনে কথা এটা চিন্তা কৰিব লাগিব।”
—“অ বৰ ভাল কৰিলে। কিন্তু দিন এটা ঠিক কৰিহে মানুহক খবৰ দিব পাৰিম। মাত্ৰ সকলোৰে সুবিধা হোৱা দিন এটা ভাবক। আটাই কেইগৰাকীয়ে দেওবাৰে চাৰিবজাত বৰুৱানী বাইদেউৰ ঘৰতে লগ হোৱাৰ কথা ঠিক কৰিলে।” চাংকাকতীয়নীয়ে ক’লে— “বৰুৱানী বাইদেউক ময়েই খবৰ দিম মহিমাক পঠিয়াই।”
মদনৰ মাকে ক’লে— “আমি বাৰু বাটত যাওঁতে যাকে লগ পাওঁ কৈ যাম। বৰ ভাল কথা হ’ব।” তেওঁলোক উঠিল।
অজয়া আৰু বিজয়া এইখন গাঁৱৰে বোৱাৰী। সকলোতে আগৰণুৱা। বিপদে-আপদে আনক সহায় কৰে। দুয়ো পদূলিলৈ আহোতেই দুয়োৰে চকু পৰিল। বিজয়াই সুধিলে— “অজয়া, ক’ৰবালৈ যোৱা?”
—“কি কয় বাইদেউ, ক’লৈ যাম? ‘পৃথিৱী চাৰিওপিনে পৰা; ক’ত সাৰিবি নেগুৰ খৰা’।”
—“এৰা ‘চাপৰিলে মেঘ নেৰায়’।”
— “হু। ইহঁত পাবৰ সময় হৈছে, সেয়ে বাছলৈহে চাইছো। ব’লা নহ’লে
বাছ ৰোৱা ঠাইলৈকে যাওঁ।” তেওঁলোক দুয়ো বাছ ৰোৱা ঠাইলৈ ওলাই আহোতে