পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহৰ একাল’। সেইবোৰ তেতিয়া নুবুজিলো। সকলোৰে যদি একাল হয় মোৰো একালেই হ’ব। তাইৰ মনটো ভাল লাগি গ’ল। চোতাল সাৰি পোনে পোনে তাই গা-ধুবলৈ গ’ল। গা-ধুই আহি পাকঘৰত সোমায়েই তাই মনটো অধিক ফৰকাল হ’ল। দুই গৰাকী জা, চাহ-ভাতত পূৰাদমে লাগি গৈছে। স্কুল-অফিচৰ সময় হ’ব নহয়। ৰমলাক দেখিয়ে এজনী জাকে তাইক চাহ অকণ খাবলৈ দি পাচলি কুটাত লগাই দিলে।

 তেনেতে বাহিৰত শুনা পালে জোনাকী পেহীৰ মাত। —“বৌ ‘ৰূপেনো কি কৰিব, গুণেহে সংসাৰ তৰিব’। পিছে বৌ আপোনাক কোৱা নাই দেই। আপুনি জগত জননী, পতিত পাৱনী, স্বামী-পুত্ৰ-বোৱাৰীৰে ভৰপূৰ— সকলোৱে কয়।”

 জোনাকী পেহীয়ে বাহিৰত মাখনীৰ লগত কথা পাতিছে। তেওঁ ক’লে— “জোনাকী, আশীৰ্বাদ কৰিবা আই, যেন সদায় এনেকৈয়ে দিন পাৰ হয়। লোকে কয় ‘মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই’।” তেনেতে ৰমলাই লুচি-চাহ লৈ আহিল। দেখিয়েই জোনাকীয়ে ক’লে—“অ’ থোৱা থোৱা আই, মই আকৌ বৌৰ লগত সুখ-দুখৰ কথা পাতিম বুলিহে আহিছো। ৰাতিপুৱাতে আমনি কৰিলোহি, বেয়া নাপাবা।”

 — “কিয় বেয়া পাম পেহী? আমাৰ মায়েও লগ পালে কেতিয়াবা সময়ৰ কথা পাহৰিয়েই যায়।” ৰমলাই কৈ আঁৰ চকুৰে শাহুৱেকলৈ চালে।

 — “বৌ আপুনি কিন্তু তিনিওজনী লখিমী বোৱাৰী পালে দেই, সকলোৰে মুখে মুখে। পিছে ফুৰিবলৈ পঠিয়াইছেনে নাই? নতুনতে ফুৰিলেহে ফুৰা। পিছলৈ আৰু নহয়।”

 —“ৰ’বা জোনাকী। গৃহস্থই পঠিয়ালেহে যাব। মই নকওঁ, ল’ৰাহঁতেও নকয়। বোলে ‘ৰজাই ভাল দেখে যাক, হাতী-ঘোঁৰাও নালাগে তাক’। শিৱসাগৰলৈ যোৱা কথা এটা চলি আছে, যাব চাগৈ।”

 — “বাৰু হ’ব। ময়ো এতিয়া যাওঁগৈ। বোৱাৰীহঁতৰ কামত আমনি নকৰো দিয়ক।” পদূলিলৈ চাই জোনাকী উৎসাহী হৈ কৈ উঠিল— “অ’ বৌ, এয়াচোন গায়ননী বাইদেউ আৰু মদনৰ মাক। ইচ্ ৰাম, ‘ঔ বিচাৰোতে চোন মৌকে পালোহি’। আহক আহক, ৰাতিপুৱাই যে! কিবা গহীন লেঠা যেন পাইছো।”—

জোনাকীৰ কথাৰ উত্তৰত গায়ননীয়ে ক’লে— “নহয়, দুপৰীয়া ৰ’দটো বৰ টান

২৮