পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 —“অ' বিপিনৰ বাৰীখন কিমান ডাঙৰ দেখিছেই নহয়। ইমূৰ-সিমূৰ নেদেখি। নৰেনে আধাৰাতিতে উঠি বিপিনৰ বাৰীৰ তামোল-পাণ, নেমু পাৰি আনে আৰু সেইবোৰ বজাৰলৈ নি বেচে। কোনে জানো বিপিনক এদিন লগাই দিলে কথাটো এনে ৰাম-পিটন দিলে ঔ। তাৰ আগদাঁত দুটাও সৰি গ’ল মাৰৰ কোবত।”

 গায়ননী আইতাই ক’লে— “নালাগে দেও ‘এনেয়েও আছো ঋষিৰ শাপত, তাতে আকৌ দিছা ধানৰ ভাপত’। এৰাদেও আমাৰ গাঁৱৰ নীতি- নিয়মবোৰ বৰ অধঃপতনে গৈছে। আমি ভাবিনো কি কৰিম? বোলে ‘ফাট দিয়া বসুমতী পাতালে লুকাওঁ’। ধৰ্ম-কৰ্ম বুলি কথা নাইকিয়া হ’ল গাঁওখনত৷ ‘জোৰ ৰ, মুলুক তাৰ’।”

 “অ’ আইতা”— ৰত্না খুৰীয়ে মাত দিলে— “ঘৰলৈ নাযাৱ নেকি? থাকিতো ভালেই লাগিছে, পিছে ‘ফটা কঁথা তিতে মানে গালৈহে গধুৰ।”

 “নক’বা আৰু আই”— গায়ননীয়ে ক’লে— “উঠো আৰু। অ’ মদনৰ মাক, কালিলৈ আগবেলাতে মাখনীৰ তাৰ পৰা আহিম, ওলাব পাৰিবানে?”

 “পাৰিম, ৰ’দ চোকা নৌহওঁতেই ওলাব।” — মদনৰ মাকে ক’লে।

 “হ’ব হ’ব।” লাহে লাহে আটাইকেইগৰাকী উঠিল।

 মাখনীৰ ঘৰ, মাখনীৰ বোৱাৰী ৰমলা নতুনকৈ বিয়া হৈ আহিছে। দোক্ মোকালিতে সাৰ পালে। কোনেও গম নোপোৱাকৈ দুৱাৰখন খুলি বাঢ়নি টাৰ লৈ পদূলিমুখ পালেগৈ আৰু সৰাত লাগিল। তেনেতে ওচৰৰে তামুলী বৰমা আৰু বৰদেউতা অহা দেখি ওৰণীখন টানি কাষলৈ গ'ল।

 “আই অ’ উঠিলানে?”— তামুলীয়নী সুধিলে।

 —“অ’ বৰমা, উঠিলো।”

 —“শাহুৱেৰা উঠিলনে নাই?”

 —“অ’ মা নাই উঠা।”

 —“এৰা আই, ‘কৰোতা থাকিলে কৰে কোনে? মৰোতা থাকিলে মাৰে কোনে’।” কৈ কৈ তেওঁলোক গ’লগৈ। ৰমলাই যেন নতুনকৈ বুজি পালে। কথাটো সঁচা। বোলো, ‘ন-তে ন-অঁৰা, পুৰণি হ’লে ছ-অঁৰা’ মইনো অহা কেইদিন হ’ল? পদূলিমুখ সাৰিবলৈ লগালেই। সেই কাৰণেহে ককাই কৈছিল— অ’ ছোৱালী শুন, ‘টেকী স্বৰ্গলৈ গ’লেও ধান বানিবই লাগিব’। সঁচা কথা। যাঃ,

মইতো ‘নাও নহয় বুৰি যাবলৈ’। বৌটিয়েও কৈছিল, আই অ’, ‘বাঁহৰ এফাল,

২৭