সমললৈ যাওক

পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজৰি ক’ত? মই এইখন ঘৰো এৰিব নোৱাৰো, তাতো একো কৰিব নোৱাৰো। ফোনৰ উপৰি ফোন। কি কৰিব? বোলে ‘বাঁহৰ এফাল, মানুহৰ একাল’। মানুহ এজনী বিচাৰি আছে, পালেই লৈ আহিব। বোলে ‘ৰামলৈ চালেও মৰো, বালীলৈ সালেও মৰো’ বুজিছ !”

 গগৈয়নীয়ে ক’লে— “মোৰটো শুনকচোন।”

 — “অ’ আপোনাৰো আছে নেকি? কওকচোন।”

 —“ল’ৰা নাইকিয়াৰ ল’ৰা হ’ল, নাম থ’লো গোপাল; চাব খুজিলেও মুখ নাই, হায় মোৰ কপাল’। পিছে ছোৱালী দুজনী লগত আছে। তাহাঁতক উলিয়াই দিলে ঘৰ চাপিবি বুলিছো। পিছে সি থাকে দূৰৈত। আহে কেনেকৈ? সংসাৰখনো তাৰ পাতিবলৈ আছে।”

 —“মোৰ আকৌ এনেকুৱাহে”, শইকীয়ানীয়ে ক’লে— “মোৰ পো লোকৰ ল’ৰা, ভাত দিওঁতেহে আই বোলা’। মাটি এটুকুৰা বেচিবলৈ দেউতাকক খাটি আছে, তাৰো ফ্লেট এটা কিনাৰ মন দেই। দেউতাকেহে কি কৰে নাজানো। বোৱাৰী একেবাৰে আ ঘৈণী, অ ঘৈণী হ’ল। ‘দুপৰীয়া বগালে চাং, তামোল নেখাতিয়ে তামোল খালে, কোৱাৰিয়ে বোৱালে ৰাং’ হ’লেও এতিয়া মোৰ নাতিটো আছে। সি বুজনো হৈছে। বিপদতনো সিহঁত কিয় নাহিব। তাৰ ভালেই মোৰ ভাল। আমাৰ এটাই আশা, সকলোৰে ভাল হওক।”

 দাসনীয়ে দুখেৰে ক’লে— “বাইদেউ মোৰ সমান দুখ আপোনালোকৰ নহয়। মই গমেই নাপালো, সি ছোৱালী পলুৱাই আনিলে। পিছতহে আৰ তাৰ মুখে গম পাই চপাই আনিলোঁ। এতিয়া এনেহে হৈছে ‘যমে নাজানে একোটি পো, কমাৰে নাজানে দুখীয়াৰ লো’। বোৱাৰীৰ ইয়ালৈ অহাৰ বৰ এটা মন নাই বুলি উমান পাইছো। ল’ৰাৰ কথাও হেনো বৰকৈ নামানে। শুনিছো বোলে ‘মাতিব নোৱাৰে খুনী, বুলিব নোৱাৰে খুনী, খুনীয়ে কথা কয় পদুলিলৈকে শুনি’। বৰ কৰ্কশ মাত কথা। মই মাজত সোমাবৰ মন কৰা নাই। ল’ৰাই নিজৰ পচন্দমতে আনিছে, আহ বুলি মাতিবলৈও মন নাযায়। মানুহে কয় ‘ঘৰেপতি ঘৈণী, খালেপতি যখিনী’।” কিছুপৰ কাৰো মুখত মাত নাই, তাৰপিছত সকলোৱে নেদেখাজনৰ প্ৰতি হাতযোৰ কৰি ক’লে— “লখিমী হওক সকলোৰে বোৱাৰী। আমি আৰু একো নিবিচাৰো।”

 তেনেতে চাংকাকতী আইতাই চাহ অকণ কৰি অনা দেখি শইকীয়ানীয়ে

২৩