থাপ মাৰি ধৰি ক’লে— “ইচ্ ৰাম বাইদেউ, আমি জানো বিয়া খাই অহা নাই? পেট ভৰাই খোৱাৰ পিছত চাহৰ প্ৰয়োজন নাই নহয়। থওক থওক, মই ভগাই দিম সকলোকে।”
—“এৰা আইসকল, ‘নগা নিৰ্মালি ল, বোলো হোৰাতে থ’। হাতে হাতেহে দিছোঁ দেই।”
—“একো নহয় আই, আমিহে। মাটিতে দিলেও জানো বেয়া পাম?”
সকলোৱে চাহ খাব ধৰিলে। চাহ খাই থাকোতে বৰানীয়ে ক'লে— সকলোৰে শুনিলে যেতিয়া মোৰটোও শুনক। মোৰ বোৱাৰীৰ কথা কিন্তু মানিবই লাগিব। একেবাৰে ওলোটা। নীতি-নিয়ম, কথা-বতৰা, সাজ-পোছাক মই নিবিচৰাটো একেবাৰেই নকৰে। কেতিয়াবা মই ঢিলাই দিলেও তাই কয় নহয় মা, আপুনি ভালপোৱাৰ দৰেই মইনো কিয় কৰিব নোৱাৰিম।”
“মাছে গৰকা পাচলি খাবা, শাহুৱে গৰকা বোৱাৰী বাবা।” বৰুৱানীৰ কথা শেষ হওঁতেই দাসনীয়ে ক'লে— “হ’লেও সকলোৱে জানো সেইটো কৰে? নামানো বুলিয়েই নামানে। বোলে ‘যাক নোৱাৰিলে শিয়ালৰ শিক্ষে, তাক কি কৰিব ধদুৱাৰ কিলে?’ আজিকালি ভাল আদৰ্শ দেখুওৱা পিত-মাতৃৰো সন্তান বিপথে যায়, চাবচোন।”
কথা-বতৰা পাতি ভালেমান সময় পাৰ হোৱাৰ পিছত চাংকাকতীয়নীয়ে ক'লে— “ইমানবোৰ কথা আজি জানিলো, একেলগে এইকণ বহিলো বুলিহে। পিছে কথা এটা দেই। ‘বোলে কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ’ আজি আমি আটায়ে সুখ-দুখৰ বহুত কথা পাতিলো। এতিয়া কথা এটা উলিয়াব খোজো। আমাৰ গাঁৱৰ ল’ৰা-ছোৱালীবোৰ বিপথে যাব ধৰা যেন লাগে। আপোনালোকে মোতকৈ বেছিকৈহে জানে। ডাঙৰলৈ শ্ৰদ্ধা ভক্তি কমি গৈছে যে, আমাৰ গাতো দোষ একেবাৰে নথকা নহয়। আমি নীতি-নিয়ম ৰাখিবলৈ যদি চিন্তা নকৰো সিহঁতে কি দেখিব কি শিকিব? আমিতো অচল হৈ যোৱা নাই। সেয়ে ভাবিছো বুজিছে ময়েই সকলোতকৈ ডাঙৰ। মই পাৰিলে বাৰু আপোনালোকও কিবা এটা কৰিব নোৱাৰিবনে?”
সকলোৱে কলে— “পাৰিম পাৰিম। কওকচোন।”
—- “তেতিয়াহ’লে আমি দুদিনমান পিচত সুবিধা বুজি লগ হওঁ আৰু
আলোচনা কৰোচোন, কিজানি ‘কণাৰ ফৰ্মুটি লাগেই’। বুজিছা ‘আছে গৰু নাবায়