পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 —“এৰা ব’লক।”

 অলপ দূৰ আহি হাজৰিকানী আইতা থমকি ৰল। সকলোৱে তেওঁলৈ চালে, কি হ’ল।

 —- “ৰব ৰ’ব আইসকল। ‘উত্তম কৰিলা হৰি নাৰায়ণ’। সকলোৱে চোৱা চুই কৰিলে।—“কি হল?”

 —“কি হ’ব আৰু আইসকল, বোলো 'ওলট বিয়নী, পিঠিত কুঁজ’। মোৰ বেগটো তাতে বিয়াঘৰতে ক’ৰবাত এৰি থৈ আহিলো। কেনেকৈ ওভতো আকৌ।”

 —“নালাগে আইতা।” কলিতানীয়ে কলে— “মই বেগেৰে গৈ চাই আহোগৈ আপোনালোক গৈ থাকক।”

 —- “বিচাৰি নাপালে হ’লে ৰৈ নাথাকিব।”

 — “ঠিক আছে বাৰু।” কলিতানী বেগেৰে বিয়া ঘৰৰফালে খোজ ল’লে।

 ভঁৰালীয়ে ক’লে— “বিয়ৈ সবাহলৈ গ’লানে নগ’লা, কল নাপালা।”

 সকলোৱে একেমুখে ক’লে— “অ’ ভাল হ’ল এতিয়াহে। বিয়াৰ জলপান খোৱাৰ পিছতনো কি থাকিল?”

 — “তামোলৰ লগৰ বগা অকণ যে..?”

 — “উঃ ৰাম ‘ঘাইশাক মৰলীয়া’। নেপালে ভালহে হ’ল বুজিছে, সেয়া পালেতো খায়েই মূৰটো বেয়া লাগক, কিয় লাগে বাইদেউ ন?”

 —“এৰাদেউ, ‘অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ’।”

 —“অ’ আইতা, আমিচোন আপোনাৰ ঘৰেই পালোহি।”

 — “নগাৰ চাং তলেই বাট, ক’ত সাৰিব।” চাংকাকতী আইতাই ক’লে— “ব’লক ব’লক, আটায়ে ভৰিকেইটা পোনাই লওকহি, বেলিও ভালেখিনি আছে।” আটাইকে চাংকাকতীয়নীয়ে ভিতৰলৈ লৈ গ’ল।

 ইফালে-সিফালে চাই বৰুৱানীয়ে ক’লে— “বাইদেউ, আপোনাক কিন্তু লগ এটা লাগে দেই। ইমান ডাঙৰ ঘৰ বাৰী। বাবাক ইয়ালৈকেনো আহিবলৈ নকয় কিয়?”

 চাংকাকতীয়নীয়ে ক’লে— “এ ৰ’ব, বোলো ‘আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা’ৰ দৰেহে হৈছে। ল’ৰাই গুৱাহাটীতে ফ্লেট এটা

কিনিলে। তাতে মিস্ত্ৰী লগাই আছে। তাৰোপৰি স্কুল, টিউচন এইবোৰ কৰি তাৰ

২২