ওৰণি গুচাই দিলে ওফোন্দা গাল’। আৰু এটা কথা, তাইতো ধুনীয়াই, মানুহে কথাতে কয় ‘গাভৰু কালত বান্দৰো সেন্দোৱা হয়’।
— “মনে মনে কওক আইতা, বায়েক ওচৰতে আছে, শুনিব।”
“আমি জানো বেয়া কৈছো।” চাংকাকতীয়নীয়ে ক’লে— “ভালটোহে কৈছো। অ’ ৰ’বাচোন, দৰাটো দেখিছানে?”
—“অ’ দেখিছো আইতা। একেবাৰে ‘পাতকটা দাৰৰ নিচিনা’, ওখ-পাখ।”
— “হ’ব হ’ব। পুৰুষৰনো কি ভাল-বেয়া! ভোমোৰা জাতি।”
এনেদৰে কথা পাতি অলপ পৰ যোৱাৰ পিছত আইতাহঁত কইনাৰ মাকক মাত লগাই যাবলৈ ওলাল। “ব’লক বাইদেউ, ‘বেলিয়ে আটে মানে, কাঁচিয়ে কাটে মানে’।”
ফুকননীয়েও সুৰ মিলালে— “এৰা, ব’লা বহু বেলি হ’ল।”
কেউগৰাকী আহি থাকোতে বাটতে মোহনে পাই সুধিলে— “আচৰিত! আইতা, বৰমা, খুৰীদউে একেলগে! ক’ৰ পৰা? দেখিয়েই মোৰ ভাল লাগিছে।” ফুকননীয়ে ক’লে— “বোপাই, ফুকনৰ ছোৱালীৰ জোৰোণ আছিল নহয়, আজি তাৰপৰাহে আহিছো। তয়ো তালৈকে যাৱ নেকি?”
— “মোক নাই মতা চোন আইতা। বোলে ‘ওচৰৰ আলহী নকৰে কাণ, নৰীয়াত পৰিলে চাবলৈ টান’।”
—“ৰচোন, বিয়া-বাৰুবোৰত খেলিমেলি হয়েই। তোক নাপাহৰে। কিয়নো পাহৰিব? বোলে ‘ওলায়ে দেখিবা যাক, শত্ৰু নাভাবিবা তাক’।”
—“নহয় আইতা, আজি কিছুদিনৰ পৰা তেওঁলোকৰ ধৰণ-কৰণ অলপ সলনি হৈছে। তাতে এতিয়া ল’ৰাহঁত অলপ গজগজীয়াও হ’ল নহয়। মানুহে কথাতে নকয় জানো ‘পৃথিৱী চাৰিওপিনে পৰা, ক’ত সাৰিবি নেগুৰ খৰা’। বিপদে-আপদে আমিহে আগতে পাওঁ। বোলে আঁকৰিক ‘নকৰিবি হেলা, আঁকৰীয়েহে পায় বা-বৰষুণৰ বেলা’। কিয় আইতা, মোক মাতিব লাগে নেকি? মই নিজেই যাম, হয়নে নহয়?”
— “হয়তো আকৌ, নিজেই যাবি।” সি গলৈগৈ।
দাসনীয়ে ক’লে— “বাঃ ই একেবাৰে ‘নাই বুলিলেও নেৰে, কুঁহিয়াৰ পেৰাদি পেৰে’। বাৰু ব’লক আইহঁত, ইয়াৰ আৰু ‘আহক বাৰিষা কাটক পাত,
ৰৈ যা ভিনিহি, খাই যা ভাত’।”