পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দাসনীয়ে ক’লে— “বিনন্দৰ ঘৰতযে চোৰ সোমাল গম পায়নে? বহুত বস্তু নিলে বুলি শুনিছো।”

 সকলো আচৰিত হৈ পৰিল। সুধিলে— “অ’ কিয়, তাহাঁতৰ ঘৰতচোন চৌব্বিছ ঘন্টাই মানুহ গিজগিজাই থাকে। আগফালে সেইখন মস্ত গেট।”

 — “ই, থাকিলে কি হ’ব?” দাসনীয়ে ক’লে। ‘আগফালে মাৰো ডাং, পিছফালে ধোপাং-পাং’। “আঁৰ বাৰীৰ দুটা বাঁহ, তাৰ বাৰীৰ দুটা ঢকুৱা পাত দিহে পিছফালখন বেৰা। সেইফালেই সোমাল আকৌ। ‘আগফালে বৰ চুৰীয়া ফেৰ, পিছফালে ঢকুৱাৰ বেৰ’।” পিছে তহঁতে কচোন— “ভগৱানে সিহঁতক অঞ্জলো দিছেচোন।”

 — “দিলে কি হ’ব? বোলে ‘আৰ ছিগা চুলি, তাৰ ছিগা চুলি, মাৰি যাওঁ নেঘেৰি খোপা’। আমাৰ পাছফালৰ বাঁহ-কাঠযে কিমান নিছে, তাৰ লেখ-জোখ নাই। কি জানে 'নক’লে আয়ে চৰুতে খায়, ক’লেও বোপায়ে ধৰি কিলায়’।” আটাইকেইগৰাকী হাঁহি উঠিল। “আও, এইজনীৰ কথা শুনা।” তেনেতে ফুকননী ভিতৰৰ পৰা ওলাই আহি কেউগৰাকীকে দেখি এমুখ হাঁহিৰে আলহ-উদৰ কৰি আদৰি নিলে আৰু ভিতৰত চাহ-জলপান খুৱাই ৰভাতলীত বহুৱাই থৈ কৈ গ’ল— “জোৰোণ নোচোৱাকৈ নাযাব দেই।”

 — “নাই নাই, নাযাওঁ। আপুনি যাওক, কামত লাগকগৈ।”

 তেনেতে কলিতানী বিয়াঘৰলৈ আহি এগৰাকীক সাৱট মাৰি ধৰিলেহি। চাংকাকতী আইতাই ক’লে— “এইগৰাকীলৈ চোৱা, বোলো ‘তোমাৰে মৰমত মৰো, খলিহা মাছৰ দুচহা খাই, মাজৰ চহা তোমালৈ এৰো’।” কলিতানীয়ে চিঞৰ মাৰি ক’লে— “ৰব ৰ’ব, আহিমগৈ, পদূলিলৈ বোলে যাব লাগে, জোৰোণ পাইছেহিয়েই।”

 “অ’ যোৱা যোৱা আই”— কৈ আটইকেইগৰাকী আকৌ নিজৰ কথাত মত্ত হ’ল।

 জোৰোণ আহিল। কইনা উলিয়ালে। আইতাহঁতে বহি থকাৰ পৰাই জোৰোণৰ বয়-বস্তু আৰু পৰিধান পৰ্ব চালে। তাৰপাছত জোৰোণ গ’ল। কেউগৰাকী আইতাই হিয়া উবুৰিয়াই কইনাক আশীৰ্বাদ দিলে। তেনেতে কলিতানীয়ে সুধিলে-—“আইতা, আমাৰ কইনাক কেনে দেখিলে?”

 —“ভাল লাগিছে আকৌ। বোলে ‘ওৰণিয়ে-বাৰণিয়ে দেখিবলৈ ভাল,

২০