খুড়া দুঃশাসন, ৰক্তপানৰ সময়ত সাবিত্ৰী খুড়ীয়ে ওৰণিখন দীঘলাই দিলে। আইতাহঁতে জোৰ কৰি বাধা দিছিল। কিন্তু জোৰ কৰিলেই হ’বনে, নিজৰ মানুহটো নহয় জানো।
নিৰ্দিষ্ট সময়তেই ভাওনা শেষ হ’ল। আইতাহঁতে ছোৱালীহঁতক তেওঁলোকে দেখাকৈ একেঠাইতে ৰৈ থাকিবলৈ কৈছে। ছোৱালীজাক লগ হ’ল। কিন্তু ভাৰতীজনী চোন নাই। তাইৰ কাৰণেহে বেলি হৈছে। পদ্মাই সুধিলে— “ক’লৈ গ’ল অ’ তাই?” ৰেৱতীয়ে ভেকাহি মাৰি ক’লে— “এইজনী, কিমাননো একেটা কথাকে সুধি আছ। মদন ককাইটিৰ ড্ৰেচ খোলোতে বেলি নালাগিব জানো।”
পদ্মা থৰ লাগিল। বুকুখন যেন খুন্দামাৰি ধৰিলে। মনতে ভাবিলে— ‘আ’ বাজিব লাগিছিল টেমী কটাৰী, বাজিছে হাঁচতি। এতিয়াহে বুজিলোঁ— “লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা’। মুখ ফুটাই তাই ৰেৱতীহঁতক ক’লে— “আমাৰ ৰৈ থকাৰ দৰকাৰ নাই। ব’ল ব’ল, তাইক মদন কাইটিয়ে থ’বগৈ।” লাহে লাহে সিহঁত আইতাহঁতৰ লগ লাগিলগৈ।
দুদিনৰ পিছত চাংকাকতী আইতাই মনত পেলালে, ফুকনৰ ঘৰৰ বিয়াখন পালেহিয়েই চোন। কেলেণ্ডাৰখন চাই মনতে গুণিলে— ‘আজিচোন আহিনৰ ১০ দিন গ’লেই। মাজত মাত্ৰ দুদিনহে আছে। আজি এপাক যাব লাগিব। আমি বয়সীয়া কেইগৰাকী লগ হৈ জোৰোণতে গৈ আহিম। হাতত কিবা এটা নিবও লাগিব। কি দিম! কোনে আনি দিব! যাঃ, পইচা কেইটামানকে দি দিম। কোলাই- বোকোচাই লৈ ডাঙৰ কৰা ছোৱালী নহয় জানো। এই মহিমাকে পঠিয়াই সকলোকে খবৰটো দিয়াম। আটায়ে লগ হৈ যাম।’
জোৰোণৰ দিনা কেউগৰাকী লগ হৈ লাহে লাহে খোজ ল’লে। বিয়াঘৰ পাই দেখিলে ৰভাতলী ধুনীয়াকৈ সজাই-পৰাই ৰাখিছে। জোৰোণ এতিয়াও পোৱাহি নাই। খালি চকীকেইখনমান দেখি আটাইকেইগৰাকী বহি পৰিল। গৃহস্থক লগ পোৱাই নাই। অলপ ভাগৰ ধৰিলত, কলিতানীয়ে ক’লে— “বাইদেউ, কিমান দিনৰ মূৰত বাৰু আমি এনেকৈ লগ হৈছো মনত পৰিছেনে?”
—“কি কৰিম, বোলে ‘লাজত নবও ভাৰ, জোলোঙাই ছিঙে কামিহাড়’। অকলে ওলাব নোৱাৰা হ’লো, কিন্তু মনতযে কিমান খোজকাঢ়ো, তাৰ সীমা- সংখ্যা নাই। গাঁওখনৰ খবৰবোৰ আজিকালি নাপাৱেই। তোমালোকে চাগৈ
জানা অলপ-অচৰপ।”