পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্মাই ক’লে—“ৰ মই দেউতাকহে চাই আছো। তহঁত কেইজনীৰ মাথোঁ এটা কথাই, ‘গেলা বৰালীৰ মনে গোন্ধাই’ বুজিছ।”

 —“কিবা থাকিলে ক’বি বুজিছ।” সৰুমায়ে ক’লে— “আমাক নকৈনো কাক ক’বি? কিন্তু ‘কথাৰ নাভাঙিবি থোৰ, আদখন তোৰ আদখন মোৰ’।”

 —“থ আৰু হৈছে হৈছে।” ৰেৱতীয়ে সৰুমাইক ক’লে— “তাইৰ হেনো বিয়াৰ কথা ওলাইছে।”

 সৰুমায়ে তপৰাই মাত লগালে—“সেইটোনো কি কথা? কাইলৈ তোৰো ওলাব। মোৰো ওলাব। কিন্তু সকলো মানি ল’বি নেকি? তই মই ‘দৰিৰ বান্দৰ নেকি যে মন গ’লেই নচুৱাব’।” পদ্মাইও লাহেকৈ ক’লে— “ৰ, তহঁতৰ লগত মোৰ নিমিলে, তহঁতৰ ককায়েৰহঁত আছে। মোৰতো কোনো নাই। তদুপৰি দেউতাৰ গাটোও আজিকালি ভালে নাথাকে। মোৰ কেতিয়াবা নিজকে বোজা হোৱা যেনহে লাগে।”

 — “তেনেহ’লে ‘মৌনং সন্মতি লক্ষণম্’।” তেনেহ’লে ঠেলি-হেঁচি বৃন্দা সোমাই আহিল। “তহঁতে হ’বলা কথাৰ মহলাহে মাৰিছ। চাচোন, গায়ন-বায়ন শেষ হ’ল। আৰিয়া ধৰিছে। সৌ অগ্নিগড় সাজু কৰিছে। সকলোৱে একমুখে ক’লে— “ইচ্ ৰাম, আমি মনেই কৰা নাছিলো।”

 সকলোৱে কথা পতা এৰি ভাওনা চোৱাত মন দিলে। তাৰ মাজতে সৰুমায়ে সুধিলে— “ঐ, সূত্ৰ কোন হৈছে জাননে?” বৃন্দাই ক’লে— “তই হ’বলা নাজনই, কিয়, মথুৰা খুড়া আকৌ।”

 —“অ’ ৰাম-কৃষ্ণ। সেইটো এটা কথা হ’ব পাৰে নেকি?”

 —“যা যা ‘গোন্ধাইছে গা, তেহেলেকে যা; উখহিছে পেটটো, মৃদংটোকে বা’।”

 সৰুমায়ে ক’লে— “তেনেকৈ যে কৈছ, কাক দিব কচোন।”

 বৃন্দাই মাত দিলে— “কিয়, মদন কাইটিকে দিব পাৰিলেহেঁতেন। মদন কাইটিৰ কি নাই? কি নাজানে কচোন।”

 এইবাৰ আটাইকেইজনীয়ে সমানে চিঞৰিলে— “এ এইজনীৰ কথা বেলেগ, একেবাৰে ‘ভেকুৰী তলত’।” চম্পাই চিঞৰি উঠিল— “এই তহঁতে ভাওনা চাবলৈ আহিছ নে চুপতি মাৰিবলৈ আহিছ।” আটায়ে চুপ হ’ল। ইফালে

বচন মতাই বচন মাতিছে, নচাই নাচিছে। মুঠতে ভাওনাখন ভাল হৈছে। গোবিন্দ

১৮