মাকে মুখৰ ভিতৰতে ভোৰ্ ভোৰালে— ‘এই বাপেকটোৱেই লাই দি দি ছোৱালীজনীক নষ্ট কৰিলে।’
—“কি হল? ইমান পৰেচোন গাটোকে ধোৱা নাই।”— শইকীয়াই ঘৈণীয়েকক উদ্দেশ্য কৰি ক’লে। শইকীয়ানী খৰধৰ কৰি বাঢ়নীটাৰ হাতত লৈ গোহালিত সোমাল।
— “অ’ দেউতা, এইবাৰ আমাৰ গাঁৱৰ ভাওনাখন হোৱা-নোহোৱাৰ কিবা খেলিমেলি লাগিছে হেনো।” তৰাই সুধিলে।
—“তইনো ক’ত গম পালি?”
—“পদ্ম, ৰেৱতীহঁতে কৈছে। হয়নে দেউতা?”
—“এঃ বিশেষ একো নহয়। এনেয়ে বু বু বা বা ওলায়। ভাওনা হ’ব। আজি সন্ধিয়া ফণী বৰা বাপৰ ঘৰত মেল আছে। তাতে সিদ্ধান্ত হ’ব। যা, এতিয়া চাহপানী এটোপ যতাগৈ আই, যা।”
গোলোকো মেললৈকে বুলি জাননী দিবলৈ ওলাই আহিছিল। ডেকাচামৰ মাজত জাকত-জিলিকা ল’ৰা সি। বাটত সি শশীৰামক দেখিলে “বাঃ ‘লিক্ লিক্কৈ বামুণটি, টিক্ টিক্কৈ লৰ; দিখৌ মুখত দেখি আহিছো, দিচাংমুখত ঘৰ।” গোলোকে খৰ খোজেৰে গৈ শশীৰ কাষ পালে। শশীৰামে গোলোক কাষ পোৱা গমেই নাপালে। সি আপোনমনে বকি গৈছে – 'এইখিনিতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’— আও, এনেকৈ যদি আমাৰ গাঁৱৰ ল’ৰা- ছোৱালীকেইটাই কথা এষাৰ মুকলিকৈ পাতিবই নোৱাৰো, কেনেকৈ হ’ব? আমি কেইটাতো বাই-ভাই। এইয়া নিশ্চয় বিজয়ৰে কাম হ’ব। সিদিনা নামঘৰত মেলত আৰু মুখখন দেখিয়ে বুজিছিলো, কিবা এটা ঘটং মটং কৰিব। ৰ ময়ো কম নহয়। মই 'লৰি যোৱা বাঘৰ আগদাঁত দেখা মানুহ’৷ ই বিজয়, ‘চৰাইটিহে সৰু, লয় হোলোং গছত বাহ’। সিদিনা নোৱাৰাত পৰি সিও আমাৰ লগত উজান দিছিল। পিছত আকৌ এই টাং বাং। বুঢ়াসকলৰ প্ৰিয়পাত্ৰ হ’বলৈ ‘সীতা সয়ম্বৰ’ পাত। ৰ ‘মাউখে উটিলে গুড়ি পৰুৱাৰো যে মৰণ নাই’ আজি সি দেখিবও, বুজিবও।”
গোলোকে ইমান পৰ মনে মনে আহি থাকি মাত দিলে— “কি হ’ল অ’ শশীৰাম?” সি প্ৰথমে চক্ খাই উঠিল আৰু পাছত ডাং খাই উঠি বকলা মেলিলে। গোলোকে লৰালৰিকৈ তাক ৰখাই ক’লে— “ৰ ৰ, ইমান উতলা নহ’বি। আজি
গধূলি ফণী বৰা বৰদেউতাৰ ঘৰত বহা মেললৈ যাবি। তাতে হেস্ত-নেস্ত হ’ব।