চোৰ’। অ.. হেৰা তৰাৰ মাক বেলি বহুত হ’ল। বহুত কথা পাতিলোঁ। যাওঁ বুইছা। তোমালোকৰ শইকীয়াক দেখাই নাই, এই পুৱাতে ক’লৈনো গল?”
—“পুৱাতে নহয় বাইদেউ, কালিয়েই; ভাগৱত পাঠলৈ বুলি। আজিহে আহিব।”
—“অ' হয় নেকি, যাওক যাওক, যাব লাগে, সৎসঙ্গ ল’ব লাগে। আমাৰহে একো নহ’ল, বুজিছা, মনৰ আশা মনতে থাকিল। এই মানুহজনৰ কাৰণেই আজিকালি এইবোৰ ভাবিবলৈকে বাদ দিলো। বোলে ‘আই আই লেঙনী, বাই বাই লেঙনী; মই হ’লো মাজতে বহি অধিকাৰণী”... বুলি আপোনমনে কৈ কৈ ফুকননী আইতা গ’লগৈ। ৰাণুৱেও যেন সকাহ পালে। হাজাৰ হ’লেও ৰাতিপুৱাৰ সময়খিনি।
ইপিনে ভিতৰত তৰাৰ খঙে মূৰৰ চুলি পাইছিলগৈ। পুনৰ ‘বৌটি’ বুলি মাতিবলৈ লওঁতেই মাক তাইৰ ওচৰ পালেগৈ। তৰাই মুখলৈ নাচাই বকিবলৈ ল’লে — “বাঃ বৌটি, সময়-অসময় নাই তোক কথা পাতিবলৈ পালে একো নালাগে নহয়; দেউতা আহিলে কি দিবি কচোন! সেই কথাটোকে সুধিবলৈকে অথনিৰে পৰা ৰৈ আছো। ইমান পৰে যে কথা পাতিলি; কিবা ভাল কথা পাতিলিনে কচোন। মাত্ৰ লোকৰ কথা। কাইলৈযে তেওঁ মোৰ কথাযে নক’ব তাৰ কি নিশ্চয়তা আছে? মাত্ৰ লোকৰ দোষ খুঁচৰা। দেউতা ঘৰলৈ আহি শুলে আৰু নুঠে কিন্তু চাবি, গোটেই ৰাতি উজাগৰে থাকি ভাগৱত পাঠ কৰিছে তেওঁ।”— মাকে অতপৰে চাইহে আছিল।
—“আও, এই ছোৱালীজনীৰ মুখখন কিমান চলিছে চাচোন! এক্কেবাৰে পিহি পেলমা মাৰে, গম পোৱা নাই ৰ” বুলি মাটিৰ পৰা খৰি এডাল তুলি হাতত লৈ হাতেৰে ভঙা শুনিয়েই তৰা একেলৰে পদূলি মূৰ পালেগৈ আৰু মাকৰ পৰা দূৰত ৰৈ ভেঙুচালি কৰি ক’লে— “চা বৌটি চা, ‘দেখিব নোৱাৰি কৰিবি কি, আগতে থাকিম পথালি দি’।” নিৰুপায় হৈ হাতৰ খৰিচলা পেলাই দি মাকে পদূলিলৈ চাওঁতেই দেখিলে দেউতাকক সাৱটি ধৰি তৰা ভিতৰলৈ সোমাই আহিছে।
—“কি দোষত ছোৱালীজনী মাৰিবলৈ খেদি ফুৰিছা তুমি?” শইকীয়াই সুধিলে।
—“ফুকননী আইতাক পুৱাতে পালে নহয়, আৰু কি লাগিছে। তাকে
কওঁতেহে...” তৰাই কিছু ভয়ে ভয়ে মাকলৈ চাই ক'লে।