পৃষ্ঠা:ফকৰাৰ থুন্‌পাক.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডিঙিটো শুকাই গৈছে।”

  —“ৰ’ব বাইদেউ, মনত পৰোতেই কথা এটা সোধোঁ, এই বৰাঘৰৰ বিয়াখনৰ কিবা খবৰ পায়নে? হ’বগৈনে বাৰু?”

 ফুকননীয়ে ক'লে —“হ’ব হ’ব কিয় নহ’বহে? ল’ৰা-ছোৱালীৰ ঘৰ ওচৰা- ওচৰি, সদায় লগ পায়েই থাকে; কোনে ৰাখিবহে? বোলে ‘লোককে দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা বেথা’।

  — “হওক বাইদেউ, আমাক দেখুৱাবও নালাগে। ওচৰ-চুবুৰীয়া তাহাঁতৰে সহায় হ’ব। ‘যাক যিহে শুৱাই; ঘন চুবুৰীৰ ছোৱালী আনিবা লফা চুৰ কৰি খুৱাই'। বাইদেউ, মোৰ মনত অন্য এটা কথাহে খেলাইছে। কথাবোৰ চোন বুজিবলৈকে টান।”

  —“অ” সেইটো নেকি? এ ল’ৰাঘৰৰ লগত ছোৱালীঘৰৰ একেবাৰে মিল নাই; খাপ খাব জানো? মানুহে কয় ’সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ।”

  —“হয় কিন্তু, ‘ধান হ’লে ৰৈ যাব; পতান হলে উৰি যাব’। এনেয়েও ‘ছোৱালীৰ স্বভাৱ পানীৰ দৰে হ’ব লাগে’ বুলি মানুহে কয় কাৰণ পানীক যি পাত্ৰতে থয়, তাৰে আকাৰ লয়।”

  —“কিন্তু আজিকালি নোৱাৰে বাইদেউ, পঢ়া-শুনা আদিতে সময় যায়চোন। মাকৰ জানো সহায় হয়?”

  — “কিন্তু এটা কথা, বৰাৰ জীয়েকৰ স্বভাৱটো বৰ ভাল। ঈশ্বৰে ভাল কৰক। তাইক ‘গোৰ মাৰি গঙ্গাতহে পেলালে’ বুইছা! ইমান কাঢ়া শাসন মাহীমাকজনীৰ। মোৰ কেতিয়াবা দেখিলেও বেয়া লাগে, নকওঁ আৰু ক’ৰবাত ‘নগৰত জগৰ লাগিব’ বুলি। ‘যেতেকে আটে, তেতেকে ফাটে’, কাঞ্চনকে চোৱাচোন। তাইনো বাৰু কি ভাবি কি কাম কৰিলে? ককায়েক ঢুকুৱাৰ দুদিন হ’বলৈ নেপালেই; নবৌয়েকজনীক কমখন কৰিলেনে? ভাবিলেই আচৰিত লাগে।”

  শইকীয়ানীয়ে ক'লে — “এৰা, ‘গড়গাঁও, গড়গাঁও, কথা শুনি তল যাওঁ’ দেখাতচোন গহীনেই, চেলবেলায়ো নাথাকে।”

  — “সেইটোৱেই কথা। ‘ৰহৰহীয়ে পাতে গাঁও, নিবোকীয়ে ভাঙে গাঁও’।

বুজিছা তৰাৰ মাক, বোলে ‘যোৰৰো যোৰ বিপৰীত যোৰ, এটি কাণকটা আনটি

১৩