পৃষ্ঠা:পৰীক্ষা.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পঞ্চম দৃশ্য।

 আচৰিত নীতি তাৰ, আশ্চৰ্য্য শকতি;
 বুজিব নোৱাৰা ক'ত নিহিত মঙ্গল।
 ভাবিলে কঁপয় হিয়া, ভকতি আশ্চৰ্য্যে
 অবশ হৃদয় কৰে; স্তব্ধ আশ্চৰ্য্যেৰে
 অবশ চিন্তাক লই চাওঁ উৰ্দ্ধমুখে।
 সংসাৰৰ তমোময় অমঙ্গল-খনি,
 মঙ্গল-হীৰক জক্জকে তাৰ মাজে—
 অমঙ্গল-আবৰণী মাজে মঙ্গল নিহিত—
 নাৰিকেল মাজে যথা সলিল বিৰাজে,
 অথবা বৰ্ষাৰ পঙ্কে জীৱন-উপায়।
 বিশ্ব ভগৱান-ৰাজ্য। বিশ্বৰ মঙ্গল
 হেতু ঘুৰে গ্ৰহ, বহে বায়ু, চন্দ্ৰে কৰে,
 আহে যায় দিন-ৰাতি, গৰ্জ্জয় সাগৰে।
 সূক্ষ্মাদপি সূক্ষ্ম যিবা তৃণ, সিও জানা
 বিশ্বৰ মঙ্গল হেতু নিৰত সদায়—
 সৰু-বৰ, ভাল-বেয়া, উত্তম-অধম,
 সকলোৰে শেষ এক অস্তিত্ব পৰম।
 অপ্সৰীৰো কাম জানা বিশ্বৰ মঙ্গল।
 সাধুৰ মঙ্গল, বৎস! সত্যৰ বিজয়,
 কৰ্ত্তব্যৰ পোৱা আৰু সমুচিত ফল,