পৃষ্ঠা:পৰীক্ষা.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
পৰীক্ষা।


 এই বিশ্ব-নীতি। সিকাৰণে অজ্ঞাততে
 কতনা ঘুৰিছে যন্ত্ৰ বিশ্বে অবিৰত,
 আমিও সকলে সেই যন্ত্ৰ একোজন।
 এইদৰে অপ্সৰীৰ ৰূপানলে পৰি
 কত তাপসীৰ তপ, সংযমীৰ যম,
 পবিত্ৰতা লভিছে পৰম। অপেশ্বৰী
 সৌন্দৰ্য্য়-আধাৰ আৰু পবিত্ৰ পাবন,
 কঠোৰ ব্ৰতীৰ, বৎস! ব্ৰতৰ সাধন।
 এতেকতে নাই দোষ। কিন্তু আহা সবে,
 কৰা আশীৰ্ব্বাদ প্ৰিয় বৎস অৰ্জ্জুনক।
সকলে |—  হোৱা জয়ী, বীৰবৰ! জ্ঞানৰ সেৱক ,
 পালা সদা ন্যায়-নীতি-ধৰ্ম্ম-আচৰণ,
 অন্তিমত লোৱা গৈ ঈশ্বৰ-শৰণ।
অৰ্জ্জুন |—  ধন্য হলোঁ আজি লভি দেৱ-পৰসাদ।
 থাকিলে সততে সত্য-ধৰমৰ প্ৰতি,
 পালিলে সততে জ্ঞান-বিবেক-আদেশ,
 চলিলে সততে ন্যায়-নীতি-অনুসৰি,
 সকলোতে জয় তাৰ, সদাই আনন্দ;
 পৰমেশ-অনুগ্ৰহে সকলো কুফলী
 সুফলৰ গছৰূপে যোগায় অমৃত।