সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষা.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
পৰীক্ষা।

 অনন্ত শকতিমান্, অসীম সুন্দৰ,
 ঈশ্বৰৰ সুৰাজ্যত অধম অভাৱ;
 সীমাবদ্ধ বুদ্ধিদোষে ভেদে ভাল-বেয়া।
 বিপুল বিস্তীৰ্ণ এক সুন্দৰ উত্তমে
 ব্য়াপে বিশ্বৰাজ্য সূক্ষ্ম সমীৰৰ প্ৰায়।
 নিৰদোষ ইকাৰণে বসন্ত-মদন,
 তোমাৰ ক্ষমাৰ পাত্ৰ। কৰা ক্ষমা, শুভে!
উৰ্ব্বশী।—  যিবা প্ৰভু সানুগ্ৰহে কৰিছে আদেশ।
মদন।—(জ্ঞানৰ প্ৰতি) অজ্ঞানৰ প্ৰতি হয় দেৱ-অনুগ্ৰহ।
 ঈৰ্ষান্বিত হই প্ৰভু তব মহিমাত
 কৰিছিলোঁ বহুবিধ বিৰোধাচৰণ;
 অৰ্জ্জুনৰ পৰীক্ষাও তাৰেই কাৰণ।
 বুজিলোঁ এতিয়া তুমি সকলোেৰে গুৰু,
 অসত্যৰ সদা লয় তোমাৰ আগত।
বসন্ত।—  ক্ষমা হয় যেন, দেৱ! আদেশ দাসৰ।
জ্ঞান।—  নকৰিবা তাপ, বৎস! যুবক মনৰ
 জ্ঞান স’তে অবিৰত ঘটিছে সংঘৰ্ষ।
 থাকে যদি কিন্তু ধৰ্ম্ম-ন্যায়-নীতি মাজে
 সকলো নিষ্পত্তি ভাল। আৰু নাই দোষ;
 চোৱা, বৎস! মঙ্গল-নিলয় বিশ্বৰাজ,