পৃষ্ঠা:পৰীক্ষা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
পঞ্চম দৃশ্য।

 বিশ্বৰ সত্যৰ আৰু মঙ্গলৰ হেতু।
 যদিওবা শাপ মোৰ ক্ৰোধৰ প্ৰসূতি,
 সেয়ে বৰৰূপে তয়ু হ’ব চত্ৰধৰ।
 এড়া তাপ, ধনঞ্জয়! নহ’বা বিষণ্ণ;
 সন্তোষিতা মই আচৰণত তোমাৰ।
 ন্যায়-ধৰ্ম্ম প্ৰতি সদা থাক’ক ই জ্ঞান,
 চিৰকাল থাকা অপাৰ সুখত। কিন্তু—
জ্ঞান।— মৰণও বাঞ্ছনীয় মহৎ হাতত,—
 আৰোহা অপেক্ষা ভাল গৰ্দ্দভ-পৃষ্ঠত,
 ছিন্ন হোৱা কেশৰীৰ নখৰ তলত।
 বৰষ-অজ্ঞাত-বাসে তোমাৰ সহায়
 পুৰুষত্ব-বিহীনত্ব; নকৰিবা ভয়।
 মহতৰ সমসৰ্গ অতীব বাঞ্চিত ,
 শাপ গুছি বৰ হয় এনে আচৰিত!
উৰ্ব্বশী।— কিন্তু ক্ষমা, ধনঞ্জয়! উৰ্ব্বশীৰ দোষ।
 যদি শেষে অমঙ্গলে মঙ্গলো ফলায়
 ঈশ্বৰৰ সুমঙ্গল বিশাল বিশ্বত,
 যদিও বা ব্ৰহ্মাণ্ডৰ কৰ্ম্ম-কাণ্ড মানে
 ফল মাত্ৰ বিধাতাৰ বিপুল বাঞ্চাৰ,
 দোষ তেও পশে আসি কৰ্ত্তৃ-মানসত।