হ’বি নপুংসক এই প্ৰত্যাখ্যান বাবে।
(উৰ্ব্বশী বেগেৰে যাব খুজোঁতে জ্ঞানৰ প্ৰবেশ।)
জ্ঞান।— দেৱি! দেৱি! ইকি—ইকি আচৰণ তব!
সৌন্দৰ্য্যৰ উপাসিকা, সৌন্দৰ্য্য়-শিক্ষক,
স্বৰগৰ অপেশ্বৰী সব। সৌন্দৰ্য্য়তে
লীলা-খেলা, সৌন্দৰ্য্য়ৰ সদা আবৰণ,
সৌন্দৰ্য্য়-বিকাশ কাম; ইকি আচৰণ!
ধৰ্ম্মৰ আদেশ মানি, কৰি প্ৰতিপাল
সত্য নীতিৰ বচন, চলিছে অৰ্জ্জুন,
তাত কিয় তযু ক্ৰোধ, কিয় অপমান?
নোহে তো উচিত ইটো সৌন্দৰ্য্য়-ভক্তৰ।
(অৰ্জ্জুনৰ প্ৰতি) বুলিলা দুৰ্ব্বাণী, বৎস! মনৰ বেগত
সৌন্দৰ্য্য়ৰ সাৰভূতা উৰ্ব্বশীৰ প্ৰতি,
কৰা প্ৰণিপাত, খোজা সবিনয়ে ক্ষমা।
অৰ্জ্জুন। - মানবৰ মন, দেবি! ক্ৰোধ-বশীভূত,
ভাল-বেয়া বিচাৰৰ অলপ শকতি।
বুলিলোঁ অবাক্য ঘোৰ, কৰা ক্ষমা-দান,
কৰা দয়া মোৰ প্ৰতি হে সৌন্দৰ্য্য়-ৰাণী!
উৰ্ব্বশী।- শাপ নোহে, বৎস! সত্য তোমাৰ আশ্ৰয়
কৰ্ম্মমাত্ৰে ঈশ্বৰৰ কল্যাণ-ৰাজ্যত
পৃষ্ঠা:পৰীক্ষা.djvu/৪২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পৰীক্ষা।