পৃষ্ঠা:পৰীক্ষা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
পৰীক্ষা।

 সৌন্দৰ্য্য অপ্সৰী সব—সৌন্দৰ্য্য়ৰ কাম
 মনৰ ঔৎকৰ্ষ্য় সাধা, সৌন্দৰ্য্য়-সৃজন।
 অসীম সৌন্দৰ্য্যশালী, অনন্ত সুন্দৰ
 পৰমেশ; আৰু এই অসীম সুন্দৰ
 সৌন্দৰ্য্য়-গঠন বিশ্ব; সৌন্দৰ্য্য়-আধাৰ,
 সৌন্দৰ্য্য়ৰ পূৰ্ণতাও মানবৰ মন।
 মিলোৱা তিনোটি আনি সৌন্দৰ্য্য়ৰ ধাৰা—
 সৃষ্টি কৰা সৌন্দৰ্য্য়ৰ ত্ৰিবেণী-সঙ্গম—
 দেৱতা-মানব য’ত কৰি অবগাহ,
 অচিৰতে পুণ্যময় সম্পূৰ্ণ সুন্দৰ
 জ্ঞানৰ ধামত পায় চিৰন্তন বাস,
 পৰমেশে পায় আৰু সহায় স্বৰূপে,—
 অপ্সৰী সবাৰ এয়ে কৰ্ত্তব্য মহান্।
 স্বৰগৰ বিদ্যাধৰী বিদ্যা-ধাত্ৰী আমি,
 নোহোঁ নিষ্ঠে অবিদ্যাৰ উপাসিকা দাসী।
(জ্ঞানৰ প্ৰতি) কিন্তু কিয় হ’ল, দেৱ! হেন বিপৰীত।
জ্ঞান।-  নকৰিবা চিন্তা, ভদ্ৰে! নাই তযু দোষ।
 পাৰদ-সংযোগে যেনে সুন্দৰ সুবৰ্ণ।
 ৰজত বৰণ ধৰে, প্ৰবৃত্তি-বশত
 সৌন্দৰ্য্য প্ৰকাশ পায় প্ৰলোভন-ৰূপে।