পৃষ্ঠা:পৰীক্ষা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পঞ্চম দৃশ্য়।

 শুনা উপদেশ মোৰ, চঞ্চল মনৰ
 গতি স্থিৰ কৰি ভাবা; বিবেক-বিহীন
 ভাৱৰ স্ৰোতত নাভাহিবা তৃণসম।
 অচিৰে মনৰ কৰা সংযত মিলন।
 নতুবা ঘটিব তব বিঘোৰ বিপদ।
অৰ্জ্জুন।—  নকৰিবা অহঙ্কাৰ পাৰ্থৰ আগত।
 ধৰ্ম্ম মোৰ বিসৰ্জ্জন নোৱাৰোঁ কৰিব,
 নোৱাৰোঁ এড়িব মোৰ জ্ঞানৰ সুনীতি,
 বিবেকৰ অতিস্ফুট গম্ভীৰ আদেশ,
 নোৱাৰোঁ কৰিব কাম ন্যায়ৰ বিৰোধে।
 যেয়ে লাগে অন্য়ায়ৰ কৰ’ক প্ৰাৰ্থনা,
 যেয়ে হ’ক প্ৰাৰ্থী মোৰ, নোৱাৰোঁ কদাপি,
 নোৱৰিমো উত্তমৰ অন্য আচৰিব।
 বিবেক-বিৰোধে আৰু ধৰ্ম্মৰ বিৰোধে।
 যিয়ে বা আদেশ, তাক লঙ্ঘনৰ পৰা।
 উঠে বুলি কালকূট নাই মোৰ ভয়;—
 কোন কাপুৰুষে ক’ত বেশ্য়াক ডৰায়?
উৰ্ব্বশী। —  কি! বেশ্য়া! উৰ্ব্বশী বেশ্য়া! সকীট মানব!
 তোৰ এই সাহ! এই অপমান হেতু
 চিৰদিন বীৰ্য্যহীন থাকিবি ধৰাত,