পৃষ্ঠা:পৰীক্ষা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
পৰীক্ষা।

 ক্ষীণতেজ, লীনশক্তি তোমাৰ ই দাস,
 আচৰিব নোৱাৰিব কদাপি অন্যায়,
 নোৱাৰিব থুথুয়াব নীতিৰ মুখত,
 জ্ঞানৰ মুৰত দিব নোৱাৰিব ভৰি,
 পাপ-অনলৰ স’ব ভীষণ দহন।
 পুনু, নোহোঁ ভণ্ডাচাৰী, ভণ্ডামি-মুৰতি,
 সত্যৰ পাশত নাই ভণ্ডামিৰ ঠাই।
 নিদাঘৰ উৎকট গ্ৰীষ্মৰ তাপতো,
 অসত্যৰ নাই ছায়া পাৰ্থৰ মনত।
উৰ্ব্বশী।- দেৱেন্দ্ৰক নকৰিবা আজি অপমান,
 নকৰিবা উৰ্ব্বশীক, যদি চোৱা ভাল।
 যাৰ চক্ষু-ভঙ্গী দেখি মাৰ্ত্তণ্ডে থমাই
 ৰথ, মাৰুতিও হয় নিশ্চল নীৰব,
 আকাশত গণে গ্ৰহে প্ৰলয়-প্ৰমাদ,
 কটাক্ষত বিশ্ব-জীৱ থৰে চাই ভৰে,
 সেই অপ্সৰীৰ ৰাণী তোমাৰ ভিখাৰী
 কি সাহসে প্ৰত্যাখ্যিবা? কি সাহসে তুমি,
 সামান্য কুটীৰবাসী সামান্য মানবে,
 নুশুনিব খোজা সেই উৰ্ব্বশীৰ কথা?
 চোৱা যদি, ধনঞ্জয়! তোমাৰ মঙ্গল,