এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
পঞ্চম দৃশ্য।
নকৰা এতেকে মোক পাপত মগন,
নীতিৰ সুন্দৰ সীমা নিদিবা লঙ্ঘিব।
উৰ্ব্বশী।— শুনা, পাৰ্থ! দেৱেন্দ্ৰৰ ইচ্ছাক্ৰমে আজি
উৰ্ব্বশী অপ্সৰী-ৰাণী মাগে ৰতিদান।
সামান্য মানব তুমি, উৰ্ব্বশীক কৰা
অৱহেলা, অৱহেলা আৰু দেৱেন্দ্ৰক!
কিহৰ কাৰণে কৰা গৰব ইমান?
অৰ্জ্জুন।— বিবেকৰ মহাসত্য আজ্ঞা অনুসৰি
যিবা চলে, স্বাধীনতা সকলোতে তাৰ।
উৰ্ব্বশী।— দেখিছোঁ মানব বহু, বহু আৰু মই
দেখি আছোঁ ৰাজ-ঋষি তোমাৰ নিচিনা—
ভণ্ডামিৰ ভাণ্ড আৰু শঠতাৰে ভৰা।
কোন ক্ষুধাতুৰে কৰে খাদ্যে আওকাণ,
দিলেও অপৰে আনি মুখত সুমাই?
চকুৰ লাজত কোনে ত্যজে নিজ-স্বাৰ্থ?
ইকাৰণে, ধনঞ্জয়! এড়া তযু ছল,
কৰা আজি উৰ্ব্বশীৰ বাসনা-পূৰণ।
অৰ্জ্জুন।— নধৰিবা দোষ, দেৱি! তেজস্বী ৰাজৰ্ষি
সবে কৰে কাম; পাপে নোৱাৰিব পাৰে
পৰশিব তাসবাক। কিন্তু হীনবল,