পৃষ্ঠা:পৰীক্ষা.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
পৰীক্ষা

 সংসাৰৰ অনিত্যতা ক’লা যতমান
 সকলোৱে সঁচা, দেবি! সকলো প্ৰমাণ।
 এই অনিত্যতাৰেই গঠিত জীৱন?
 নোহে কদাচিতো তেনে। শৰীৰৰ এই
 সাৰহীন পঞ্চভূত গঠন-পদাৰ্থ;
 আত্মা অনন্ত কিন্তু নিত্য চিৰকাল,
 মহানিত্য মহেশৰ ব্যৈক্তিক বিকাশ।
 নিত্য বস্তু অনিত্যত সন্তুষ্ট নহয়,
 চিৰন্তন চিৰস্থায়ী নিত্য-সুখাকাঙ্খী।
 ইন্দ্ৰিয়ৰ পৰিতৃপ্তি, উতনুৱা ভাব,
 তাৰপৰা পোৱা সুখ, অতীব চঞ্চল—
 আদিত্যৰ প্ৰতিবিম্ব যেনে দৰ্পণত৷
 স্বাধীন নিত্যতাকাঙ্খী নোহে তাত সুখী
 ন্যায়-নীতি-ধৰ্ম্ম-জ্ঞান-সঙ্গীজনসহ
 সুচৰিত্ৰ-পথে কৰি গতি অবিৰাম,
 লভে আসি যাত্ৰা-শেষে পৰমেশ-পদ—
 অনন্ত সৌন্দৰ্য্য়পূৰ্ণ, প্ৰশান্ত বিৰাম,
 আবেগ-উদ্বেগ-আদি-বিকাৰ–বিহীন—
 থাকে তাত চিৰসুখে-অনন্ত অমৃত
 পানে থাকে সদা তৃপ্ত অনন্ত সুখত।