পৃষ্ঠা:পৰীক্ষা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
পঞ্চম দৃশ্য।

 কোৱা তেন্তে, বীৰবৰ! কিহৰ কাৰণে
 এই জীৱন-ধাৰণ? কিহৰ কাৰণে
 ভুগি কষ্ট নানাবিধ, এই সংসাৰত
 মিছাতে জীৱন যায়? কোৱা কি সকাম?
 এতেকতে, ধনঞ্জয়! কৰা আজি মোৰ
 অভীষ্ট পূৰণ, আনন্দৰ সাগৰত
 দিয়া ডুব, ভোগ কৰা অপাৰ আনন্দ।
অৰ্জ্জুন।— কৰা মোক, মহাদেৱি! কৃপা বিতৰণ।
 সংসাৰৰ আবৰ্ত্ততো আছে স্থিৰ, আছে
 অচঞ্চল, আছে এক নিত্য নিৰঞ্জন।
 ঈশ-ধৰ্ম্ম-ন্যায়-নীতি সততে একক,
 পৰিবৰ্ত্তনৰ বাজ, অতীব মহৎ।
 বিশ্বৰ সকলো কৰ্ম্ম, সকলো আবৰ্ত্ত,
 সিদ্ধ হয় এই স্থিৰ অচঞ্চল হেতু—
 মধ্য অঙ্গুলীত যথা বন্ধৰ কাৰণে।
 গোলক তুৰন্তে ঘুৰে সূত্ৰৰ বলত।
 আৰু চোৱা সাংসাৰিক আনন্দ-লক্ষণ,
 অবসাদ আনন্দৰ যেন অনুচৰ-
 সুখ বুলি লবা যাক আজিৰ দিনত,
 ধৰিব সি দুখৰূপ দু’দিনৰ বাদে।