পৃষ্ঠা:পৰীক্ষা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
পৰীক্ষা।

 ভাৰ্য্যা দুষ্টমতি, বন্ধুজন শঠাচাৰী—
 সুখৰ সংসাৰ তব দুখৰ আলয়।
 আছা আজি ৰাজ্য়েশ্বৰ, ধনৰ কুবেৰ,
 কালি চোৱা হৃতৰাজ্য, নষ্ট ধনৰাজি—
 দুৱাৰে দুৱাৰে ফুৰা অন্নুমুঠি বাবে।
 আবৰ্ত্তন প্ৰকৃতিৰ ৰীতি চিৰন্তন,
 পৰিবৰ্ত্তনতে চোৱা চলিছে সংসাৰ।
 পৃথিবীৰ তল চোৱা নোহে সমতল,
 পৰ্ব্বতত বন্ধুৰতা, আকাশতো সদা
 পৰিবৰ্ত্তনৰ খেলা; নোৱাৰা বিশ্বত
 প্ৰশান্ত শান্তিৰ পাব আৰাম সুন্দৰ।
 সকলোৰে দেখা পৰিবৰ্ত্তন স্বভাব,—
 কেতিয়াবা কাৰ হয় কিহৰ উৎপাত—
 কেতিয়া মলয়া ধৰে ধুমুহা-আকাৰ,
 কেতিয়াবা শশধৰ-কৰে পোৰে দেহ,
 কেতিয়া চন্দন-লতা সাপৰূপে আহি
 কৰেহি দংশন, তাৰ থিক নাই বিশ্বে।
 সাৰহীন বিশ্বৰাজ্য। তাতো যদি তুমি
 নকৰিলা সুখভোগ, নাচালা সৌন্দৰ্য্য,
 আনন্দ-মগন সদা নাথাকিলা তাত,