এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
পঞ্চম দৃশ্য।
পঞ্চম দৃশ্য।
অৰ্জ্জুন আৰু উৰ্ব্বশী।
উৰ্ব্বশী।— মিছা ভাবোঁ, ধনঞ্জয়! প্ৰত্যাখান তযু।
সুবৰ্ণ-উদ্দেশে লোক মৰে ঘুৰি ফিৰি,
কিবা তাক অৱহেলে যেতিয়া হাতত?
কপট ভাবিছা নেকি উৰ্ব্বশী-প্ৰস্তাব?
অৰ্জ্জুন।— মাতৃ তুমি দেবী। তোমাপ্ৰতি জ্ঞান মোৰ
মাতৃৰ সদৃশ, ভক্তি মাতৃৰ সমান।
অনুচিত তব, দেৱি! এহেন প্ৰাৰ্থনা।
নীৰক্ষিলোঁ ঘনে ঘনে তোমাপ্ৰতি সঁচা।
সভা-মাজে নৃত্য-সময়ত; কিন্তু ভাবি—
আচৰিত! কেনেকই প্ৰাচীনা উৰ্ব্বশী
আছে এতিয়াও নব যুবতীৰ প্ৰায়।
সন্তানৰ প্ৰতি এনে অনুচিত ভাব।
উৰ্ব্বশী।— কিবা কোৱা অনুচিত তুমি! তেৱে পাৰ্থ,
আছে কিবা উচিত লোকত ? সংসাৰৰ
সুখ জানা ক্ষণস্থায়ী, অতীব চঞ্চল।
পুত্ৰ-পৰিবাৰ-আদি-বন্ধুজনে আজি
থাকিবা বেষ্টিত; কালি চোৱা মৃত পুত্ৰ,