পৃষ্ঠা:পৰীক্ষা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
পৰীক্ষা।


 পৰাজয় নসহিব, নসহিব প্ৰত্যাখ্যান।
 দলিতা ফণিনী যেনে, জানিবা নিশ্চয়
 উপেক্ষায় প্ৰত্যাখিতা উৰ্ব্বশীকো তেনে।
 উৰ্ব্বশীৰ লয়-লাস, বিলাস-বিভ্ৰম,
 সংযম-সমৰে যদি হয় পৰাজিত,
 নাজানো কিবা বা হয় তাৰ পৰিণাম।
মদন।— নকৰিবা চিন্তা, ভদ্ৰে! তোমাৰ সদায়
 সহায় বসন্ত, চিৰদাস কামদেৱ।
 প্ৰত্যেক ঈক্ষণ আমি প্ৰত্যেক লক্ষণ
 প্ৰত্যক্ষিছোঁ সতামাজে, সকলোৱে কয়
 পাৰ্থৰ অস্থিৰ চিত্ত। কৰা কৃপা, শুভে!
 (উৰ্ব্বশী লাহে লাহে যাব ধৰে।)
বসন্ত।— যোৱা তেৱে, দেৱি। সাধা দেৱ-কাম,
 তোমাৰ দাসৰ প্ৰতি কৰা অনুগ্ৰহ।
মদন।— বিজয়ৰ সূত্ৰপাত আশাৰ কিৰণ,
 আদিত্যৰ আগে, সখি! অৰুণৰ প্ৰায়।
 পৰম্পৰা কাৰ্য্য়াৱলী মিলে মনোমত,
 সিদ্ধিৰ নিশ্চয়, সখি! প্ৰধান লক্ষণ।
 (প্ৰস্থান।)