পৃষ্ঠা:পৰীক্ষা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চতুৰ্থ দৃশ্য।

 কৰা আজি অৰ্জ্জুনৰ শক্তি অবেক্ষণ।
 তুমি অপ্সৰীৰ ৰাণী, সৌন্দৰ্য্য়ৰ মণি,
 কোনে পাৰে উপেক্ষিব? বিধি জগতৰ
 সৌন্দৰ্য্যৰ ভঁড়ালৰ তিল তিল আনি,
 গঢ়িলে তোমাৰ, দেবি! সুন্দৰ প্ৰতিমা।
 আজিও নিশ্চয় দেখি সৌন্দৰ্য্য় তোমাৰ
 নিজ কৌশলতে নিজে বিমোহিত বিধি।
 সুবৰ্ণ-পৰীক্ষা যেনে পাবকেহে হয়,
 সংযমৰো পৰীক্ষাৰ তুমি হে পাবক।
 পুণ্যৰ পৰীক্ষা যদি নকৰিবা তুমি,
 কোন আৰু আছে, শুভে! তেৱে স্বৰগত?
উৰ্ব্বশী।— পাৰোঁ অনায়াসে, আৰ্য্য়। সাধিব ইকাম।
 কিন্তু নৰমুখ হৃদয়ৰ প্ৰতিবিম্ব—
 মনোমাজে উদয়ৰ যিবা, সকলোৱে
 সৰল বদনোপৰি হয় প্ৰতিভাত।
 লক্ষিছোঁ পাৰ্থৰ গতি, লক্ষিছোঁ পাৰ্থৰ
 উজ্জ্বল নয়ন-ভঙ্গী। কিন্তু প্ৰত্যেক কটাক্ষে,
 প্ৰত্যেক ভ্ৰভঙ্গী, আৰু প্ৰত্যেক মুখৰ
 হাৱ-ভাৱে, মাতৃভাৱে পৰশিছে মোক।
 উৰ্ব্বশী অপ্সৰী শ্ৰেষ্ঠা, অপ্সৰীৰ ৰাণী,