পৃষ্ঠা:পৰীক্ষা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পৰীক্ষা।

 নোহে সুখলভনীয়, গতি প্ৰকৃতিৰ
 যাব ব্যতিক্ৰমি। শুভে! নকৰা আপত্তি।
 ইও দেৱ-কাম, তযু কৰ্ত্তব্য ভিতৰ।
 ইন্দ্ৰ-চন্দ্ৰ যেনে দেৱ, যেনে দেৱ বায়ু বা বৰুণ,
 বসন্ত-মদন নোহে অংশে মন্দতৰ।
 দেৱেন্দ্ৰৰ বাঞ্চা যদি দেৱ-কাম, নোহে
 কিয় বাঞ্চা বা আমাৰ? আৰু ছোৱা-শুভে!
 সংযমৰ পৰীক্ষাতে অধিক গৌৰব।
 দেৱতা-বাঞ্চিত, দেৱ-লোভনীয়, এনে
 মান-যশঃ-আদি কৰি লভিছে অৰ্জ্জুন।
 দেৱে কৰি অসম্মান, অৰ্জ্জুন বহিছে
 আজি দেবেন্দ্ৰেৰ পাশে। ব্ৰহ্মা-বিষ্ণু-হৰে
 নিজে খোজে যিবা মান, তাৰে আজি পাৰ্থ
 সম্মানিত। অসহনি দেৱতাৰ এনে
 অসন্মান। নোহে যদি সুসংযত-চিত্ত,
 ধনঞ্জয়-বিপতন সত্যৰ গৌৰব।
 দেৱতাৰ বাঞ্চা, ভদ্ৰে! দেৱ-অনুৰোধে
 কৰা এই কাম, কৰা পৰীক্ষা পাৰ্থক।
 যোৱা পাৰ্থ-পাশে; দেখাই অপ্সৰী-লাস,
 ভ্ৰুযুগত জুৰি কুটীল কটাক্ষ-বাণ,